Death Anniversary of Bhupen Hazarika: লখৰাত ভূপেন হাজৰিকালৈ শ্ৰদ্ধাঞ্জলি

By ETV Bharat Assamese Team

Published : Nov 6, 2023, 1:40 PM IST

thumbnail

গুৱাহাটী,৫ নৱেম্বৰ: দেওবাৰে সমগ্ৰ ৰাজ্যতে পালন কৰা হ'ল সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ দ্বাদশসংখ্যক মৃত্যুবাৰ্ষিকী । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে জাগ্ৰত যুৱ সমাজৰ উদ্যোগত মহানগৰীৰ লখৰাতো অনুষ্ঠিত কৰা হয় ভাৰতৰত্ন ভূপেন হাজৰিকাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান । এই অনুষ্ঠানত উপস্থিত থাকে জনপ্ৰিয় অভিনেত্ৰী তথা বিজেপি নেত্ৰী আঙুৰলতা ডেকা ।  

অনুষ্ঠানৰ লগত সংগতি ৰাখি পুৱাৰ ভাগত কণ কণ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত কৰা হয় চিত্ৰাংকন প্ৰতিযোগিতা । লগতে এই অনুষ্ঠানতেই এক ৰক্তদান কাৰ্যসূচীও অনুষ্ঠিত কৰা হয় । এই ৰক্তদান কাৰ্যসূচীত অৰ্ধশতাধিক লোকে ৰক্তদান কৰাৰ লগতে অসম চৰকাৰৰ মন্ত্ৰী বিমল বড়ায়ো ৰক্তদান কৰে । সন্ধিয়াৰ ভাগত অনুষ্ঠিত কৰা হয় ১৪ বছৰ বয়স অনুৰ্ধৰ শতাধিক প্ৰতিযোগীৰ মাজত ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা ।  

এই অনুষ্ঠানতেই জাগ্ৰত যুৱ সমাজে আৰ্থিকভাৱে পিছপৰি থকা ক্ৰীড়া জগতৰ আগৰণুৱা ১৫ গৰাকী মেধাৱী ছাত্ৰ-ছাত্ৰীলৈ আগবঢ়ায় ১০ হাজাৰ টকাকৈ এককালীন বৃত্তি । লগতে নিশাৰ ভাগত জনপ্ৰিয় কণ্ঠশিল্পী বিদ্যা সাগৰ আৰু সীমান্ত শেখৰে গীত পৰিৱেশন কৰি মুগ্ধ কৰে সহস্ৰাধিক দৰ্শকক ।  

লগতে পঢ়ক: Death Anniversary of Bhupen Hazarika: জ্বলন্ত শিখাৰে সুধাকণ্ঠৰ চিত্ৰ অংকণ কৰিলে মঞ্জিত কাশ্যপে

TAGGED:

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.