Death Anniversary of Bhupen Hazarika: জ্বলন্ত শিখাৰে সুধাকণ্ঠৰ চিত্ৰ অংকণ কৰিলে মঞ্জিত কাশ্যপে

By ETV Bharat Assamese Team

Published : Nov 6, 2023, 8:24 AM IST

thumbnail

তিনিচুকীয়া, 6 নৱেম্বৰ : ৫ নৱেম্বৰ দেওবাৰে সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ দ্বাদশ মৃত্যুবাৰ্ষিকী উপলক্ষে ৰাজ্যজুৰি স্মৰণ কৰা হ’ল সুধাকণ্ঠক । ভাৰতৰত্ন সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ মৃত্যু তিথি উপলক্ষে এজন যুৱকে ব্যতিক্ৰমী ৰূপত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে তেওঁলৈ ।

চিত্ৰশিল্পী মঞ্জিত কাশ্যপে জ্বলন্ত শিখাৰ সহায়ত ড৹ ভূপেন হাজৰিকাৰ এখন প্ৰতিচ্ছবি অংকণ কৰি তেখেতৰ প্ৰতি থকা শ্ৰদ্ধা নিবেদন কৰে । যুৱকজনৰ ঘৰ তিনিচুকীয়া জিলাৰ মাকুমত । মঞ্জিত কাশ্যপ এগৰাকী প্ৰতিভাৱান যুৱ চিত্ৰশিল্পী । যুৱকজন কোনো কণ্ঠশিল্পী নহয় যদিও সুধাকণ্ঠৰ স্মৃতিক ৰোমন্থন কৰি তেওঁৰ এটা কালজয়ী গীত গুণগুণাই অংকণ কৰে ড৹ ভূপেন হাজৰিকাৰ এখন সুন্দৰ আলোকচিত্ৰ । মঞ্জিতৰ হাতৰ পৰশত এতিয়া এনেদৰে প্ৰাণ পাই উঠা সুধাকণ্ঠৰ প্ৰতিচ্ছবিৰ বাবে মাকুমৰ অনুৰাগীসকলেও প্ৰশংসা কৰিছে চিত্ৰশিল্পী গৰাকীক ।

লগতে পঢ়ক : Death Anniversary of Bhupen Hazarika: দীঘলীপুখুৰীৰ পাৰত 10 হাজাৰ বন্তি জ্বলাই সুধাকণ্ঠলৈ শ্ৰদ্ধাঞ্জলি আছুৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.