Bhupen Bora react over price hike:মুখ্যমন্ত্ৰীয়ে ষ্টাইল কৰাতকৈ সমস্যা সমাধানত গুৰুত্ব দিয়ক :ভূপেন বৰা

By ETV Bharat Assamese Team

Published : Aug 26, 2023, 7:56 PM IST

thumbnail

মৰাণ, ২৬ আগষ্ট : চৰাইদেউ জিলাৰ মৰাণহাটত কংগ্ৰেছ দলৰ এক কৰ্মশালাত অংশগ্ৰহণ কৰিবলৈ আহি ৰাজ্যৰ মুখ্যমন্ত্ৰীক তীব্ৰ সমালোচনা কৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। প্ৰদেশ কংগ্ৰেছ সভাপতিগৰাকীয়ে কয়,"মুখ্যমন্ত্ৰীয়ে কেতিয়াবা কেতিয়াবা নিজৰে চেহেৰাটো সলনি কৰে । মুখ্যমন্ত্ৰীয়ে কেইদিনমানৰ পৰা চুলি ডিজাইন কৰাত লাগি গৈছে । কংগ্ৰেছত থাকোতে মোচ ৰাখিছিলে, বিজেপিলৈ আহি মোচ কাটিলে ।"

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অনুসৰণ কৰি মুখ্যমন্ত্ৰীয়ে মাজে মাজে ৰূপ সলাই থাকে বুলি মন্তব্য় কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয়," মুখ্যমন্ত্ৰী এনেও ধুনীয়া,ৰূপ সলোৱাৰ পৰিৱৰ্তে ৰাইজৰ মৌলিক সমস্যা সমাধানত গুৰুত্ব দিয়ক। মূল্যবৃদ্ধি নিয়ন্ত্ৰণত ব্যৰ্থ হৈছে চৰকাৰ। নিবনুৱাক সংস্থাপন দিব পৰা নাই । তেওঁলোকে লাখ টকা খৰচ কৰি চুলিৰ ডিজাইন কৰি থাকিব আৰু মানুহে ১২০০ টকা লৈ ঘৰ চলাবলগীয়া হৈছে ।" ইপিনে, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই সিদ্ধাৰ্থ ভট্টাচাৰ্য আৰু ৰাজেন গোহাঁইৰ চকুপানী মচাৰ ব্যৱস্থা কৰিবলৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনায় ।

লগতে পঢ়ক:APCC: বিজেপিৰ পাছত কংগ্ৰেছৰ সামাজিক মাধ্যমৰ সমন্বয়কৰ প্ৰশিক্ষণ; মৰাণহাটত বিশেষ শিবিৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.