Assam CM wife land scam: মুখ্যমন্ত্ৰীৰ পত্নীৰ ভূমি কেলেংকাৰীৰ সন্দৰ্ভত ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব ভূপেন বৰা

By ETV Bharat Assamese Team

Published : Sep 24, 2023, 8:06 PM IST

thumbnail

গুৱাহাটী, ২৪ ছেপ্টেম্বৰ: মুখ্যমন্ত্ৰী পত্নীৰ ভূমি কেলেংকাৰী সন্দৰ্ভত ন্যায়ালয়ৰ কাষ চাপিব অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা । এই কথা দেওবাৰে সংবাদ মাধ্যমৰ আগত সদৰী কৰি ভূপেন বৰাই কয় যে, গৌৰৱ গগৈৰ বিৰুদ্ধে মানহানি গোচৰ দি সমগ্ৰ বিষয়টো এৰাই চলিব খুজিছে । অসমৰ মুখ্যমন্ত্ৰীৰ পৰা জানিব বিচাৰিছো এটা বিশেষ অঞ্চলত বিশেষ মানুহৰ স্বাৰ্থত ভূমিৰ শ্ৰেণী পৰিৱৰ্তন কেনেকৈ হ’ব পাৰে । কৃষি ভূমিৰ পৰা উদ্যোগ ভূমিলৈ শ্ৰেণী পৰিৱৰ্তন কেনেকৈ হ’ব পাৰে । কৃষি ভূমিৰ পৰা উদ্যোগভূমিলৈ পৰিৱৰ্তন হ’লে গোটেই অঞ্চলটো হ’ব লাগিব । এটা পৰিয়ালৰ স্বাৰ্থত কেনেকৈ হ’ব তাৰ উত্তৰ অসমৰ ৰাইজে বিচাৰিছে । পত্নীৰ নামত ভূমিৰ শ্ৰেণী পৰিৱৰ্তনৰ আইন ক’ত বনালে ইয়াৰ বিচাৰ হ’ব লাগিব ৷ 

এই প্ৰসংগত ন্যায়ালয়ৰ দ্বাৰস্থ হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক পদত্যাগ কৰিবলৈ বাধ্য কৰিম বুলি মন্তব্য কৰে ভূপেন বৰাই ৷

লগতে পঢ়ক: Assam CM wife land scam: মুখ্যমন্ত্রীৰ পত্নীৰ ভূমি কেলেংকাৰীক লৈ বিধানসভা চৌহদত প্ৰতিবাদ কংগ্ৰেছৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.