ETV Bharat / state

Assam CM wife land scam: মুখ্যমন্ত্রীৰ পত্নীৰ ভূমি কেলেংকাৰীক লৈ বিধানসভা চৌহদত প্ৰতিবাদ কংগ্ৰেছৰ

author img

By ETV Bharat Assamese Team

Published : Sep 15, 2023, 2:58 PM IST

Assam CM wife land scam
Assam CM wife land scam

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ চৰ্চিত ভূমি কেলেংকাৰীক লৈ পুনৰ উত্তপ্ত সদন । বিধানসভা চৌহদত কংগ্ৰেছৰ বিধায়কৰ প্ৰতিবাদ । সদনত বিষয়টো আলোচনা কৰিবলৈ নিদিয়াক লৈ কংগ্ৰেছৰ বিধায়কৰ সদন ত্যাগ কৰি প্ৰতিবাদ। সমগ্ৰ ঘটনাৰ তদন্ত দাবী কংগ্ৰেছৰ ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ চৰ্চিত ভূমি কেলেংকাৰীক লৈ পুনৰ উত্তপ্ত সদন

গুৱাহাটী,১৫ ছেপ্টেম্বৰ: অসম বিধানসভাৰ শৰতকালীন অধিৱেশনৰ শুকুৰবাৰে পঞ্চম দিনাও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ চৰ্চিত ভূমি কেলেংকাৰীৰ প্ৰসংগক লৈ বিধানসভা উত্তাল হৈ পৰে । কংগ্ৰেছৰ বিধায়কসকলে মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ বিৰুদ্ধে উত্থাপিত ভূমি কেলেংকাৰী বিষয়টো সদনৰ মজিয়াত আলোচনা কৰাৰ বাবে আজি পুনৰ আহ্বান জনাই যদিও অধ্যক্ষই সম্মতি প্ৰদান‌ নকৰিলে ।

যাক লৈ কংগ্ৰেছৰ বিধায়কসকলে সদন ত্যাগ কৰি বিধানসভা চৌহদত প্ৰতিবাদ সাব্যস্ত কৰে । হাতে হাতে প্লে-কাৰ্ড লৈ কংগ্ৰেছৰ বিধায়কসকলে ঘটনাৰ তদন্ত দাবী কৰে ।

এই সন্দৰ্ভত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে মুখ্যমন্ত্রীয়ে বৃহস্পতিবাৰে সদনত তেওঁক এই বিষয়ত কোনেও একো প্ৰশ্ন নকৰিলে বুলি কৈছিল । কিন্তু সদনৰ নিয়ম অনুসৰি বৃহস্পতিবাৰে পুৱাৰ ভাগত বিষয়টো আলোচনা কৰাৰ বাবে সভা স্থগিতৰ প্ৰস্তাৱ অনা হৈছিল । সেই সময়ত মুখ্যমন্ত্রী উপস্থিত নাছিল ।

মুখ্যমন্ত্রীয়ে বাহিৰত প্ৰত্যাহ্বান জনাইছে যে কংগ্ৰেছে একো নকলে বুলি । তেওঁ (দেৱব্ৰত শইকীয়া) কয় যে বৃহস্পতিবাৰৰ দৰে আজি আমি পুনৰ সদনত বিষয়টো আলোচনা কৰিব বিচাৰিছিলো । কিন্তু সেই সুবিধা দিয়া হোৱা নাই । শূন্যকালীন ঘণ্টাত বিষয়টো আলোচনা কৰিব বিচৰা হৈছিল যদিও নিদিয়া বাবে আমি সদন ত্যাগ কৰিলো বুলি তেওঁ কয় ।

তেওঁ লগতে কয় যে ২২ মাৰ্চত সংসদত বিজেপিৰ সাংসদ পল্লৱ লোচন দাসে বিনিয়োগৰ ওপৰত এটা প্ৰশ্ন কৰিছিল আৰু যাৰ উত্তৰ দিছিল কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্রী পীয়ুষ গোৱেলে । উত্তৰত প্ৰাইড ইষ্ট এন্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডক ১০ কোটি টকাৰ ৰাজসাহায্য দিয়াৰ কথা উল্লেখ কৰা হয় । এই সন্দৰ্ভত মুখ্যমন্ত্রীৰ পৰা এটা স্পষ্টীকৰণ বিচৰা হৈছে ।

আনহাতে বিধায়ক ভৰত নৰহে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে মুখ্যমন্ত্রীৰ পৰিবাৰৰ ভূমি কেলেংকাৰী সন্দৰ্ভত বিধানসভাত আলোচনা কৰিবলৈ বৃহস্পতিবাৰে দুবাৰকৈ সভা প্ৰস্তাৱ অনা হৈছিল । আজি শূন্যকালীন ঘণ্টাত বিষয়টো আলোচনা কৰিব বিচৰা হৈছিল যদিও নিদিলে ।

তেওঁ কয় যে প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডৰ CMD ৰিণিকি শৰ্মা ভূঞা মুখ্যমন্ত্রীৰ পত্নী হোৱা হেতুকে আমি মুখ্যমন্ত্রীৰ পৰা বিষয়টো বিবৃত্তি বিচাৰিছিলো । বিধানসভাত মুখ্যমন্ত্রীয়ে বিবৃত্তি দিয়া নাই । যদি দিব নোৱাৰে তেন্তে এই সমস্ত ঘটনাৰ ওপৰত এটা তদন্ত দিব লাগে বুলি তেওঁ কয় ।

তেওঁ অভিযোগ কৰি কয় যে মুখ্যমন্ত্রীৰ প্ৰস্তাৱ অবিহনে প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডে কোনো কাৰণতে ফুড প্ৰচেছিঙৰ বাবে ১০ কোটি টকাৰ ৰাজসাহায্য লাভ কৰিব নোৱাৰে । সকলো নীতি-নিয়ম ভংগ কৰি কেন্দ্ৰীয় চৰকাৰে প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডক ৰাজসাহায্য দিছে বুলি তেওঁ অভিযোগ কৰে । সমগ্ৰ ঘটনাৰ ক্ষেত্রত চৰকাৰখনে নীৰৱতা অৱলম্বন কৰিছে বুলি সদৰী কৰি তেওঁ ইয়াৰ উচ্চপৰ্যায়ৰ তদন্ত দাবী কৰে ।

লগতে পঢ়ক: Assam Assembly autumn session: মুখ্যমন্ত্ৰী পত্নীৰ ভূমি বিতৰ্ক তথা ১০ কোটিৰ ৰাজ সাহায্যক লৈ অচল সদন; ডেৰ ঘন্টাত তিনিবাৰ স্থগিত ঘোষণা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.