ঢকুৱাখনাত ৰাহুল গান্ধী, বিজেপিয়ে প্ৰলোভনেৰে মহিলাসকলক আঁতৰাই ৰখাৰ অভিযোগ

By ETV Bharat Assamese Team

Published : Jan 19, 2024, 5:44 PM IST

thumbnail

মাজুলী,১৯ জানুৱাৰী: অসমত ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ আজি দ্বিতীয়টো দিন । শুকুৰবাৰে বিয়লি নিৰ্ধাৰিত সময়মতে মাজুলীৰ পৰা স্থলপথেৰে পোনে পোনে ঢকুৱাখনাত প্ৰৱেশ কৰে ৰাহুল গান্ধীয়ে । তিনি বজাত ঢকুৱাখনাৰ ব্লক চাৰিআলিৰ পৰা ঢকুৱাখনা নগৰলৈকে প্ৰায় এক কিলোমিটাৰ ৰ'ড শ্ব'ত অংশগ্ৰহণ কৰি গোগামুখলৈ ৰাওনা হয় ৰাহুল গান্ধী ৷ ঢকুৱাখনা মহকুমাৰ খেৰকটীয়া সুঁতিৰ সমীপত ৰাহুল গান্ধীক আদৰণি জনায় ঢকুৱাখনা কংগ্ৰেছৰ বিষয়ববীয়াসকলে । 

একেদৰে সোণাৰি চাপৰি আৰু ঢকুৱাখনা ব্লক চাৰিআলিত বিপুল আদৰণি জনায় কংগ্ৰেছৰ যুৱৰজ ৰাহুল গান্ধীক । ইফালে শুকুৰবাৰে শাসকীয় বিজেপিয়ে ঢকুৱাখনাৰ প্ৰতিখন গাঁও পঞ্চায়তত মহিলা আত্মসহায়ক গোটৰ সদস্যাসকলক মুখ্যমন্ত্ৰীৰ উদ্যমিতা আঁচনিৰ আবেদন প্ৰ-পত্ৰ বিতৰণ কৰি গাঁৱৰ মহিলাসকলক ৰাহুল গান্ধীক দৰ্শনৰ পৰা বঞ্চিত কৰা বুলি অভিযোগ কৰে প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক পদ্মলোচন দলেই ৷ 

লগতে পঢ়ক: ব্ৰহ্মপুত্ৰৰ সৌন্দৰ্যত মুগ্ধ ৰাহুল গান্ধী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.