ব্ৰহ্মপুত্ৰৰ সৌন্দৰ্যত মুগ্ধ ৰাহুল গান্ধী

By ETV Bharat Assamese Team

Published : Jan 19, 2024, 4:49 PM IST

thumbnail

যোৰহাট,১৯ জানুৱাৰী: ১৪ জানুৱাৰীত মণিপুৰৰ পৰা আৰম্ভ কৰা ভাৰত জোড়ো ন্যায় যাত্ৰা বৃহস্পতিবাৰে যোৰহাটত উপস্থিত হয় । বৃহস্পতিবাৰে নিশা নিমাতী ৰংদৈ কুমাৰ গাঁৱত নিশাটো কটায় শুকুৰবাৰে নিমাতীঘাটত উপস্থিত হৈ এখন বিশেষ ব্যক্তিগত ফেৰীৰে ৰাহুল গান্ধী ৰাওনা হয় মাজুলীলৈ । আনহাতে ফেৰীৰে মাজুলীলৈ ৰাওনা হোৱা ৰাহুল গান্ধীয়ে ফেৰীৰ এটা কোণত ৰৈ ব্ৰহ্মপুত্ৰৰ নৈসৰ্গিক সৌন্দৰ্য্য উপভোগ কৰি যায় । একেখন ফেৰীৰে ৰাহুল গান্ধীৰ সৈতে যাত্ৰা কৰে কংগ্ৰেছৰ শীৰ্ষ নেতা জয়ৰাম ৰমেশ, জীতেন্দ্ৰ সিং,গৌৰৱ গগৈ আৰু অসম প্ৰদেশৰ সভাপতি ভুপেন বৰা,ৰাণা গোস্বামীসহ কংগ্ৰেছৰ নেতাসকলে ।  

মাজুলীত উপস্থিত হৈ প্ৰথমতে ৰাহুল গান্ধীয়ে সত্ৰত প্ৰৱেশ কৰি সেৱা গ্ৰহণ কৰে আৰু তাৰ পিচত মাজুলীৰ পৰা ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰা ৰাওনা হ'ব লখিমপুৰলৈ । উল্লেখ্য যে বৃহস্পতিবাৰে যোৰহাটত ৰাহুল গান্ধীৰ ন্যায় যাত্ৰা প্ৰৱেশত কিছু কিছু ক্ষেত্ৰত প্ৰশাসনৰ বাধাৰ সন্মুখীন হ'বলগীয়া হোৱাৰ গুৰুতৰ অভিযোগ উথাপন হৈছে । আনহাতে ন্যায় যাত্ৰাই আইন অমান্য কৰাৰ বাবে ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাৰ ওপৰত যোৰহাট আৰক্ষীয়ে নিজাববীয়াকৈ এক গোচৰ ৰুজু কৰে বুলিও জানিব পৰা গৈছে ।

লগতে পঢ়ক: অমিত শ্বাহৰ তেজপুৰ আগমন; কটকটীয়া নিৰাপত্তা ব্যৱস্থা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.