ETV Bharat / state

অমিত শ্বাহৰ তেজপুৰ আগমন; কটকটীয়া নিৰাপত্তা ব্যৱস্থা

author img

By ETV Bharat Assamese Team

Published : Jan 19, 2024, 2:29 PM IST

Amit Shah Tezpur Visit : শুকুৰবাৰে বিয়লি ৪.১৫ বজাত তেজপুৰ বিমানবন্দৰত উপস্থিত হ'ব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ । তাৰ পৰা তেওঁ পোনে পোনে গৈ ঐতিহাসিক মহাভৈৰৱ মন্দিৰ দৰ্শন কৰিব ।

Amit Shah Tezpur Visit
অমিত শ্বাহৰ তেজপুৰ আগমন; কটকটীয়া নিৰাপত্তা ব্যৱস্থা

অমিত শ্বাহে দৰ্শন কৰিব তেজপুৰ মহাভৈৰৱ মন্দিৰ

তেজপুৰ, ১৯ জানুৱাৰী : তেজপুৰত এতিয়া এক উদুলি-মুদুলি পৰিৱেশ । লগতে চহৰখনৰ চৌদিশে গঢ়ি তোলা হৈছে নিশ্চিদ্ৰ নিৰাপত্তা বেষ্টনী । দুদিনীয়া ভ্ৰমণসূচীৰে শুকুৰবাৰে দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ তেজপুৰ আগমনৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ তেজপুৰতে এই পৰিৱেশে বিৰাজ কৰিছে ৷

উল্লেখ্য যে, গৃহমন্ত্ৰীগৰাকীয়ে শুকুৰবাৰে বিয়লি তেজপুৰত উপস্থিত হৈ এছিয়াৰ বৃহত্তম শিৱ লিংগ থকা ঐতিহাসিক মহাভৈৰৱ মন্দিৰ দৰ্শন কৰিব ৷ ইয়াৰ বাবে মন্দিৰৰ সন্মুখভাগ সম্পূৰ্ণৰূপে সজাই-পৰাই তোলা হৈছে । প্ৰাপ্ত তথ্য মতে, শুকুৰবাৰে বিয়লি ৪.১৫ বজাত তেজপুৰ বিমানবন্দৰত উপস্থিত হ'ব কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ ।

তাৰ পৰা তেওঁ পোনে পোনে গৈ ঐতিহাসিক মহাভৈৰৱ মন্দিৰ দৰ্শন কৰিব । লগতে তেওঁ মন্দিৰ চৌহদত এক চাফাই অভিযানত অংশগ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে শোণিতপুৰ জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰই ।

ইতিমধ্যে অমিত শ্বাহৰ আগমন উপলক্ষে তেজপুৰৰ সাংসদ পল্লৱ লোচন দাস আৰু জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়াসকলে মন্দিৰৰ সুৰক্ষা ব্যৱস্থা সন্দৰ্ভত বুজ লয় । মহাভৈৰৱ মন্দিৰত পূজা-অৰ্চনাৰ পিচত গৃহমন্ত্ৰী অমিত শ্বাহে তেজপুৰ বিশ্ববিদ্যালয়ত এক সাংস্কৃতিক কাৰ্যসূচীত অংশগ্ৰহণ কৰিব ৷ এই অনুষ্ঠানৰ লগতে আন কেইবাটাও চৰকাৰী কাৰ্যসূচীত অংশ কৰিব গৃহমন্ত্ৰীয়ে ৷

আনহাতে, নিশাটো তেজপুৰ আৱৰ্ত ভৱনত কটাই শনিবাৰে পুৱা তেজপুৰৰ শালনিবাৰীস্থিত সশস্ত্ৰ সীমা বল চমুকৈ এছএছবিৰ প্ৰশিক্ষণ শিবিৰত উপস্থিত হ'ব অমিত শ্বাহ । তাত তেওঁ এছএছবিৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা কুছকাৱাজত অংশগ্ৰহণ কৰিব ৷ এই কাৰ্যসূচীৰ পিছত শোণিতপুৰ জিলাৰ ঠেলামৰাত বৃস্পতিবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত বাথৌ মহাসভাৰ ত্ৰয়োদশ ত্ৰিবাৰ্ষিক সন্মিলনত অংশগ্ৰহণ কৰিব গৃহমন্ত্ৰীয়ে ৷

উল্লেখ্য যে, তিনিদিনীয়া উত্তৰ-পূব ভ্ৰমণসূচীৰে বৃহস্পতিবাৰে গোপীনাথ বৰদলৈ আন্তৰাষ্ট্ৰীয় বিমানবন্দৰত অৱতৰণ কৰে গৃহ মন্ত্ৰী অমিত শ্বাহে । তাৰ পৰা তেওঁ মেঘালয়লৈ ৰাওনা হয় । মেঘালয়ত চৰকাৰী কাৰ্যসূচীত অংশগ্ৰহণৰ পিচত শুকুৰবাৰে বিয়লি অসমত উপস্থিত হ'ব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ । শনিবাৰে বিয়লি তেওঁ দিল্লীলৈ ৰাওনা হ'ব ।

লগতে পঢ়ক :ৰাজনৈতিক দলে কুচ কাৱাজ কৰেই, অসমত আমি চিন্তা কৰিব লাগিব বুলি নাভাবো : কেশৱ মহন্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.