ETV Bharat / bharat

মেঘালয়লৈ যোৱাৰ পৰিকল্পনা কৰিছে যদি জানি লওক এইসমূহ নিয়ম - HOW TO VISIT MEGHALAYA

author img

By ETV Bharat Assamese Team

Published : May 28, 2024, 9:42 AM IST

Tourist places in Meghalaya : আপুনি মেঘালয়ৰ প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্য উপভোগ কৰিবলৈ বিচাৰিছে নেকি ? তেনেহ’লে এইটো বাতৰি কেৱল আপোনাৰ বাবে ৷ জানক সবিশেষ....

TOURIST PLACE IN MEGHALAYA
মেঘালয়লৈ যোৱাৰ পৰিকল্পনা কৰিছে যদি জানি লওক এইসমূহ নিয়ম (ETV BHARAT ASSAM)

গুৱাহাটী, 28 মে’ : মেঘালয় উত্তৰ-পূবৰ এখন অন্যতম পৰ্যটন ক্ষেত্ৰ ৷ প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্যৰে পৰিপূৰ্ণ মেঘালয়ৰ বিনন্দীয়া পৰিৱেশৰ বিষয়ে সকলোৱে জ্ঞাত । ৰাজ্যখনৰ এই বিনন্দীয়া পৰ্যটন ক্ষেত্ৰৰ সৌন্দর্য উপভোগৰ বাবে বছৰি লাখ লাখ লোকে ভ্ৰমণ কৰে মেঘালয় । দিনে দিনে মেঘালয়ৰ ভ্রমণ কৰা পৰ্যটকৰ সংখ্যা বৃদ্ধি পাইছে । চলিত বৰ্ষতো এপ্ৰিল মাহৰ পৰা দেশ-বিদেশৰ পৰ্যটকে ভিৰ কৰিছে মেঘালয়ত ।

পিচে আপুনি মেঘালয় লৈ প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্য উপভোগ কৰিব বিচাৰিছে নেকি ? কেনেকৈ যাব মেঘালয়লৈ ?

আপুনি প্ৰথমে নিজৰ ঘৰৰ পৰা ৰে’লযোগে অথবা বাছ যোগে আহিব লাগিব গুৱাহাটীলৈ । গুৱাহাটীৰ পৰা প্ৰায় 95 কিলোমিটাৰ দুৰত্বত আছে মেঘালয়ৰ ৰাজধানী শ্বিলং। গুৱাহাটী ৰে’লৱে ষ্টেশ্যন, বিমানবন্দৰ, পল্টন বজাৰ, খানাপাৰাৰ পৰা মেঘালয়লৈ পুৱাৰ পৰা নিশা লৈ টুৰিষ্ট টেক্সিসমূহ পোৱা যায় । তাৰ পৰা টেক্সি লৈ আপুনি মেঘালয়ৰ বিভিন্ন পৰ্যটকথলীলৈ যাব পাৰে । পূৰ্বৰ তুলনাত এইবাৰ মেঘালয়লৈ অহা পৰ্যটকৰ সংখ্যা বৃদ্ধি পাইছে।

এপ্ৰিলৰ পৰা দেশৰ বিভিন্ন স্থানৰ পৰা মেঘালয় লৈ অহা পৰ্যটকৰ সংখ্যা বৃদ্ধি পাইছে । ফলত মেঘালয়ৰ হোটেলসমূহত প্ৰায় ভৰ্তি হৈ পৰিছে ৷ সেইবাবে আপুনিও যদি অহাৰ পৰিকল্পনা কৰিছে তেন্তে আপুনি পূৰ্বেই অনলাইনযোগে হোটেল বুক কৰিব ল’ব ৷ স্থানীয় অঞ্চলসমূহ ভ্ৰমণ কৰিবলৈ আপুনি টুৰিষ্ট কেব বুক কৰিব পাৰে অন্যথা স্থানীয় যাতায়ত ব্যৱস্থাও ল’ব পাৰে ৷

শেহতীয়াকৈ মেঘালয়ত নতুনকৈ কেইবাটাও লুপ্ত পৰ্যটন স্থান সামাজিক মাধ্যমত ব্যপকভাৱে ভাইৰেল হৈছে ৷ লক্ষণীয় যে ইটালী, ফ্ৰান্স, আমেৰিকা আদি ৰাষ্ট্ৰৰ লগতে গুজৰাট, কলকাতা, কেৰালা আৰু কৰ্ণাটকৰ পৰা বহু পৰ্যটকে এইবৰ্ষত মেঘালয় ভ্ৰমণ কৰিবলৈ আহিছে । পৰ্যটকসকলে শ্বিলঙৰ এলীফেন্ট ফলছ , লাইটলুম, চেৰাপুঞ্জী, মাউলিনলং, ডাউকী আদি স্থান ভ্ৰমণ কৰে ৷

লগতে পঢ়ক: কংক্ৰিটৰ নগৰীত উশাহত কষ্ট: ফুৰি আহকগৈ মাৰঙাৰ প্ৰাকৃতিক হ্ৰদৰ পৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.