Angkita Dutta controversy: অসমৰ আই মাতৃক অপমান কৰিলে কংগ্ৰেছে; ভৱেশ কলিতা

By

Published : Apr 22, 2023, 10:00 PM IST

thumbnail

দৰং, ২২ এপ্ৰিল: অংকিতা দত্তক কংগ্ৰেছৰ প্ৰাথমিক সদস্য পদৰ পৰা ছয় বছৰৰ বাবে বহিষ্কাৰ কৰাৰ পিচতেই ৰাজনৈতিক মহলত চলিছে ব্য়াপক চৰ্চা (Angkita Dutta controversy) । এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে BJP ৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই (Bhabesh Kalita reacts on Angkita Dutta) । তেওঁ কয় যে, অংকিতা দত্তক ন্যায় নিদিলে কংগ্ৰেছে । কংগ্ৰেছে নিজৰ দলৰ কৰ্ম-কৰ্তাকে গুৰুত্ব নিদিয়ে । কংগ্ৰেছত বৰ্তমান কোনো সংস্কৃতি নাই ।  

লগতে BJP ৰ ৰাজ্যিক সভাপতিগৰাকীয়ে কয় যে, এগৰাকী অসমীয়া জীয়ৰীক অপমান কৰাৰ পাচতো কোনো গুৰুত্ব নিদিলে প্ৰদেশ কংগ্ৰেছে । কেৱল অংকিতা দত্তকে নহয় সমগ্ৰ অসমৰ ভাতৃ-ভগ্নীক পুনৰবাৰ অপমান কৰিলে কংগ্ৰেছে । অংকিতা দত্ত বিজেপিলৈ অহা নহা সেয়া সময়ত দেখা যাব বুলি উল্লেখ কৰি কলিতাই কংগ্ৰেছৰ এনে কাৰ্যক তীব্ৰ গৰিহণা দিয়ে ।

দৰঙৰ দিপিলাত আয়োজিত বিজেপিৰ ৰাজ্যিক বিষয়ববীয়া সভাত উপস্থিত হৈ এই মন্তব্য কলিতাৰ (BJP state office bearers meet at Dipila in Darrang) । উক্ত অনুষ্ঠানত উপস্থিত থাকে অসম ৰাজ্যিক বিজেপিৰ প্ৰভাৰী বৈজন্ত জয় পাণ্ডা, সাংসদ দিলীপ শইকীয়াকে আদি কৰি কেইবাগৰাকীও মন্ত্ৰী-বিধায়ক । 

লগতে পঢ়ক: Eid al Fitr Celebration: যোৰহাটৰ ঈদগাহ ময়দানত সমূহীয়া নামাজ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.