ETV Bharat / state

Eid al Fitr Celebration: যোৰহাটৰ ঈদগাহ ময়দানত সমূহীয়া নামাজ

author img

By

Published : Apr 22, 2023, 6:49 PM IST

বিশ্বজুৰি উলহে মালহেৰে উদযাপন কৰা হৈছে পবিত্ৰ ঈদ-উল-ফিটৰ (Eid al Fitr Celebration) ৷ যোৰহাটৰ ঈদগাহ ময়দানত সহস্ৰাধিক ইছলাম ধৰ্মী লোকসকলে অংশগ্ৰহণ কৰে সমূহীয়া নামাজত ।

Eid al Fitr Celebration at Eidgah Maidan
যোৰহাটৰ ঈদগাহ ময়দানত সমূহীয়া নামাজ

যোৰহাটৰ ঈদগাহ ময়দানত সমূহীয়া নামাজ

যোৰহাট, 22 এপ্ৰিল : আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ঈদ-উল-ফিটৰ (Eid al Fitr Celebration)৷ ঈদ উপলক্ষে যোৰহাটৰ ঈদগাহ ময়দানত সহস্ৰাধিক ইছলাম ধৰ্মী লোকসকলে অংশগ্ৰহণ কৰে সমূহীয়া নামাজত । পবিত্ৰ ৰমজানৰ মাহজোৰা ৰোজাৰ অন্তত ন জোন দেখা মাত্ৰেই মুছলমান ধৰ্মাৱলম্বী লোকসকলে পবিত্ৰ ঈদ উদযাপন কৰে (Eid al Fitr Celebration at Eidgah Maidan)।

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে যোৰহাটতো ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাজত দেখা গৈছে ঈদৰ ব্যাপক আনন্দ আৰু উল্লাস । ঈদ উপলক্ষে দেখা গৈছে প্ৰেম–ভাতৃত্ববোধৰ এক সুন্দৰ প্ৰতিচ্ছবি । বিশ্ব শান্তি, সম্প্ৰীতিৰ বাবে দোৱা কৰে নামাজত অংশগ্ৰহণকাৰীসকলে ৷ সকলোৱে আল্লাহৰ সন্তুষ্টি, বিশ্ব শান্তি, সম্প্ৰীতিৰ হকে নামাজ, দোৱা কৰে (Eid al Fitr Celebration) ৷

এক সুন্দৰ ফৰকাল ৰৌদ্ৰোজ্বল পুৱাত সকলোৱে হিলদল ভাঙি ঈদৰ সমূহীয়া নামাজ কৰিবলৈ ওলাই অহা পৰিলক্ষিত হয় ৷ ইয়াৰোপৰি বতৰ ফৰকাল হোৱা বাবে দুগুণ উৎসাহ দেখিবলৈ পোৱা গৈছে ইছলাম ধৰ্মী লোকসকলৰ মাজত । উল্লেখ্য যে, ঈদ-উল-ফিটৰ উপলক্ষে তথা ঈদৰ সময়ত নতুন পোছাক পৰিধান কৰাৰ ৰীতি পালন কৰিয়েই সকলোৱে নতুন পোছাক পৰিধান কৰি ইজনে সিজনক আলিংগন কৰি ঈদৰ শুভেচ্ছা জনায় ৷ আজিৰ দিনটোত সকলোৰে ঘৰে ঘৰে প্ৰস্তুত কৰা হয় বিভিন্ন ধৰণৰ সুস্বাদু ব্যঞ্জনৰ জুতি ৷

ইয়াৰ মাজতে পবিত্ৰ ঈদ উল ফিতৰ উপলক্ষে যোৰহাটত জিকিৰ শিল্পী তথা সাংবাদিক নেকিব আহমেদ আৰু নেকিবুৰ জামানৰ জিকিৰ পৰিবেশনে বিলাইছে ভ্ৰাতৃত্ববোধৰ বাণী ৷ সমগ্ৰ ৰাজ্যতে অনাতাঁৰ শিল্পী হিচাবে পৰিচিত নেকিব আহমেদ আৰু তেওঁ সহযোগী শিল্পীসকলে শংকৰ-আজানৰ সম্প্ৰীতিৰ বাণী বিলাই জিকিৰ পৰিৱেশন কৰি আহিছে (Eid al Fitr celebrations In Jorhat) ৷

পৱিত্ৰ ৰমজান মাহত অতি কষ্ট আৰু ত্যাগ স্বীকাৰ কৰি ৰোজা বা উপবাস ৰাখে বহু ইছলাম ধৰ্মাৱলম্বী লোকে ৷ ৰমজান মাহ ২৯ দিনীয়া হয় বা কেতিয়াবা ৩০ দিনীয়া হয় ৷

লগতে পঢ়ক: Eid al Fitr Celebration: অনাতাঁৰ শিল্পী নেকিব আহমেদ আৰু সহযোগীৰ জিকিৰ পৰিৱেশন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.