Tense situation in Bongaigaon College: বঙাইগাঁও মহাবিদ্যালয়ত মাৰপিটৰ ঘটনা

By ETV Bharat Assamese Team

Published : Sep 28, 2023, 8:01 PM IST

thumbnail

বঙাইগাঁও,২৮ ছেপ্টেম্বৰ: বৃহস্পতিবাৰে দুপৰীয়া ভাগত বঙাইগাঁও মহাবিদ্যালয়ত ছাত্ৰ একতা সভাৰ নিৰ্বাচনী প্ৰচাৰ চলি থকাৰ সময়তে দুই ছাত্ৰ গোটৰ মাজত সৃষ্টি হয় মাৰপিটৰ ঘটনা । অহা ৩০ ছেপ্টেম্বৰত বঙাইগাঁও মহাবিদ্যালয়খনত অনুষ্ঠিত হ'ব ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচন । বৃহস্পতিবাৰে আছিল এই ছাত্ৰ একতা সভাৰ নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিন ।  

সেয়েহে প্ৰতিটো ছাত্ৰ দলৰ নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছিল । ঠিক সেই সময়তেই দুই ছাত্ৰ গোটৰ মাজত তীব্ৰ বাক-বিতণ্ডাৰ সৃষ্টি হয় । পিছত এই বাক-বিতণ্ডাই ভয়ংকৰ মাৰপিটৰ ৰূপ লয় এই মাৰপিটত দুই উভয় পক্ষৰ ছাত্ৰ সমৰ্থক সমানভাবে আঘাতপ্ৰাপ্ত হয় । আঘাতপ্ৰাপ্তসকলক ততাতৈয়াকৈ এখন ব্যক্তিগত খণ্ডৰ হাস্পতাললৈ প্ৰেৰণ কৰা হয় । মহাবিদ্যালয়খনৰ নিৰ্বাচনক লৈ তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে চহৰখনৰ বিভিন্ন স্থানত । ঘটনাৰ খবৰ পোৱা মাত্ৰকে বঙাইগাঁও মহাবিদ্যালয়ত আৰক্ষীৰ দল উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি ।

লগতে পঢ়ক: Manah National Park: ১ অক্টোবৰৰ পৰা পৰ্যটকৰ বাবে মুকলি মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰৱেশদ্বাৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.