World Cancer Day 2023 : ধেমাজিত বিশ্ব কৰ্কট দিৱসৰ কাৰ্যসূচী, ৰাইজলৈ বৰষাৰাণী বিষয়াৰ আহ্বান

By

Published : Feb 4, 2023, 5:13 PM IST

Updated : Feb 6, 2023, 4:07 PM IST

thumbnail

ধেমাজি,৪ ফেব্ৰুৱাৰী : আজি বিশ্ব কৰ্কট দিৱস (World Cancer Day)। বিশ্বজুৰি কৰ্কট ৰোগৰ সজাগতাৰ বাবে পালন কৰা হৈছে এই দিৱস । অসমৰো ধেমাজি জিলাত স্বেচ্ছাসেৱী সংস্থা 'প্ৰতিশ্ৰুতি'ৰ উদ্যোগত কৰ্কট দিৱস পালন কৰা হৈছে (World Cancer Day celebration in Dhemaji)। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি কৰ্কট ৰোগৰ সজাগতাৰ বাবে ৰাইজক বিশেষ আহ্বান জনাই অভিনেত্ৰী বৰষাৰাণী বিষয়াই ।

উল্লেখ্য যে শেহতীয়া কেইবাবছৰ ধৰি অসমত কৰ্কট ৰোগে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । প্ৰতিখন জিলাতে কৰ্কট ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে । যাৰ বাবে ইতিমধ্যে চৰকাৰ তথা স্বাস্থ্য বিভাগেও বিভিন্ন পদক্ষেপ হাতত লৈছে । কৰ্কট প্ৰতিষ্ঠান স্থাপন কৰাকে ধৰি ৰাইজৰ সজাগতাৰ বাবে বহু পদক্ষেপ হাতত লৈছে । আনহাতে প্ৰতিবছৰে স্বাস্থ্য বিভাগৰ সহযোগত বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে বিশ্ব কৰ্কট দিৱসো পালন কৰি আহিছে (World Cancer Day celebration in Assam)।

এইবাৰো ধেমাজি জিলাত স্বেচ্ছাসেৱী সংস্থা 'প্ৰতিশ্ৰুতি'ৰ উদ্যোগত বিশ্ব কৰ্কট দিৱসৰ বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে (Pratishruti NGO celebrates World Cancer Day)। এই অনুষ্ঠানত কণ্ঠশিল্পী জিনা ৰাজকুমাৰীক 'কৰ্কট বিজয়নী' সন্মান জনোৱা হয় । কৰ্কট দিৱসৰ অনুষ্ঠানত উপস্থিত থাকে জনপ্ৰিয় অভিনেত্ৰী তথা 'প্ৰতিশ্ৰুতি'ৰ লাইভ ব্ৰেণ্ড এম্বেচাদৰ বৰষাৰাণী বিষয়া । অনুষ্ঠানত উপস্থিত থাকি সকলোকে কৰ্কট ৰোগৰ বিৰুদ্ধে মাৰ বান্ধি থিয় হোৱাৰ লগতে সজাগ আৰু সচেতন হ'বলৈ আহ্বান জনাই অভিনেত্ৰীগৰাকীয়ে ।

ৰাজ্যত কৰ্কট ৰোগৰ ভয়াৱহতাৰ কথা চিন্তা কৰি কেইবাটাও গুৰুত্বপূৰ্ণ পৰামৰ্শও আগবঢ়ায় অভিনেত্ৰীগৰাকীয়ে । ইফালে দেশৰ ভিতৰতে উত্তৰ পূৰ্বাঞ্চল কৰ্কট ৰোগৰ ৰাজধানীলৈ পৰিণত হোৱাতো দুৰ্ভাগ্যজনক বুলি উদ্বেগ প্ৰকাশ কৰে 'প্ৰতিশ্ৰুতি'ৰ সঞ্চালিকা ড৹ গায়ত্ৰী গগৈয়ে ৷

উল্লেখ্যে যে কৰ্কট ৰোগৰ সজাগতাৰ ক্ষেত্ৰত বিগত সময়ত 'প্ৰতিশ্ৰুতি'য়ে বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰি আহিছে (Cancer awareness program)। অসমৰ বিশেষকৈ গ্ৰামাঞ্চলত কৰ্কট ৰোগৰ সজাগতাৰ বাবে বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰি আহিছে সংস্থাটোৱে ।

লগতে পঢ়ক :World Cancer Day 2023 : কৰ্কট দিৱস উপলক্ষে বৰপেটাত সজাগতা সমদল

Last Updated : Feb 6, 2023, 4:07 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.