Black day observed at Barpeta: বৰপেটা মেডিকেল কলেজ হাস্পতালৰ কৰ্মচাৰীৰ ক'লা দিৱস পালন

By

Published : Feb 1, 2023, 4:32 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

thumbnail

বৰপেটা ১ ফেব্ৰুৱাৰী: সমগ্ৰ ৰাজ্যৰ লগতে বৰপেটাতো বুধবাৰে পালন কৰা হয় ক’লা দিৱস ৷ নতুন পেঞ্চন ব্যৱস্থা(New Pension System)বাতিল কৰি পুৰণি পেঞ্চন আঁচনি(Old pension scheme) বাহাল ৰখাৰ দাবীত এই ক‘লা দিৱস পালন কৰা হয় ৷ সদৌ অসম কৰ্মচাৰী পৰিষদৰ সিদ্ধান্ত মৰ্মে ৰাজ্যৰ সকলো কৰ্মচাৰীয়ে আজি পালন কৰে ক’লা দিৱস ৷ সেই অনুসৰি বৰপেটা মেডিকেল কলেজ হাস্পতালৰ কৰ্মচাৰীসকলেও আজি পালন কৰে এই ক'লা দিৱস(Employees protest against New Pension Policy) ৷

উল্লেখ্য যে, ২০০৪ চনৰ ১ জানুৱাৰীৰ পৰা দেশত প্ৰৱৰ্তন হৈছিল নতুন পেঞ্চন ব্যৱস্থা । ২০০৫ চনৰ ১ ফেব্ৰুৱাৰীত অসম চৰকাৰে জাপি দিছিল নতুন পেঞ্চন ব্যৱস্থা চমুকৈ NPS । নতুন পেঞ্চন ব্যৱস্থাত নাছিল অৱসৰৰ পিছত পেন্সনৰ ব্যৱস্থা । ১৮৫৭ চনতে বৃটিছ চৰকাৰে আৰম্ভ কৰা আৰু অসম চৰকাৰে ১৯৬৯ ৰ পেঞ্চন আইন আৰু ১৯৬৪ ৰ পৰিয়াল পেঞ্চন আইনৰ জৰিয়তে চৰকাৰী কৰ্মচাৰীসকলৰ ভৱিষ্যতৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ লক্ষ্যৰে পেঞ্চন ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল ৷

কিন্তু কেন্দ্ৰীয় চৰকাৰৰ এই নতুন পেঞ্চন ব্যৱস্থাৰ ফলত কৰ্মচাৰীসকলৰ বৃদ্ধ জীৱন সুৰক্ষিত নোহোৱাৰ অভিযোগ কৰ্মচাৰীসকলৰ । নতুন পেঞ্চন আঁচনি অনুসৰি কৰ্মচাৰীসকলৰ দৰমহাৰ ১০ শতাংশ ধন পেন্সনৰ শিতানত কাটি ৰখাৰ নিয়ম প্ৰৱৰ্তন কৰা হৈছে আৰু ১৪ শতাংশ ধন চৰকাৰে কৰ্মচাৰীজনৰ বাবদ জমা দিব ৷ এই সমুদায় ধন কেতবোৰ বিত্তীয় প্ৰতিষ্ঠানৰ জৰিয়তে বজাৰত বিনিয়োগ কৰা কৰিব আৰু তাৰ লভ্যাংশৰ পৰা কৰ্মচাৰীজনৰ অৱসৰৰ পিছত সেই অনুপাতে মাহিলী পেন্সন প্ৰদান কৰা হ’ব ৷

কিন্তু নতুন নীতিৰ অধীনত যোৱা কেইবছৰত অৱসৰ গ্ৰহণ কৰা সাত সহস্ৰাধিক শিক্ষক-কর্মচাৰীয়ে মাহিলী পেন্সনৰ নামত মাত্ৰ ৫০০ ৰ পৰা ১২০০ টকাকৈ লাভ কৰাৰ অভিযোগ উঠিছে ৷ সদৌ অসম কৰ্মচাৰী পৰিষদে আজি ক'লা বেজ পৰিধান কৰি ‘ক’লা দিন’ পালন কৰি কৰ্মচাৰীসকলৰ দাবীসমূহ আলোচনাৰ জৰিয়তে মীমাংসা কৰিবলৈ ৰাজ্য চৰকাৰক আহ্বান জনাইছে ৷ সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সন্থাৰ সভাপতি অচ্যুতানন্দ হাজৰিকাই আজি ক’লা দিৱস পালন কৰা উপৰিও ১০ ফেব্ৰুৱাৰীত এদিনীয়া কৰ্মবিৰতি পালন কৰাৰ কথা ইতিমধ্যে ঘোষণা কৰিছে ৷

লগতে পঢ়ক: New Pension System: পুৰণি পেঞ্চন ব্যৱস্থা প্ৰৱৰ্তনৰ দাবীত ৰাজ্যজুৰি ক’লা দিৱস

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.