ETV Bharat / state

New Pension System: পুৰণি পেঞ্চন ব্যৱস্থা প্ৰৱৰ্তনৰ দাবীত ৰাজ্যজুৰি ক’লা দিৱস

author img

By

Published : Jan 31, 2023, 6:32 PM IST

নতুন পেঞ্চন নীতি(New Pension System) বিলুপ্ত কৰি পুৰণি পেঞ্চন নীতি বাহাল ৰখাৰ দাবীত অব্যাহত আছে প্ৰতিবাদী কাৰ্যসূচী ৷ বুধবাৰে সদৌ অসম কৰ্মচাৰী সন্থাই পালন কৰিব ক’লা দিৱস ৷ ইয়াৰ পাছত 10 ফেব্ৰুৱাৰীত এদিনীয়া কৰ্মবিৰতিও পালন কৰিব বুলি জানিব পৰা গৈছে ৷

New Pension System
পুৰণি পেঞ্চন ব্যৱস্থা প্ৰৱৰ্তনৰ দাবীত ৰাজ্যজুৰি ক’লা দিৱস

পুৰণি পেঞ্চন ব্যৱস্থা প্ৰৱৰ্তনৰ দাবীত ৰাজ্যজুৰি ক’লা দিৱস

গুৱাহাটী, ৩১ জানুৱাৰী : নতুন পেঞ্চন ব্যৱস্থা(New Pension System) বাতিল কৰা আৰু পুৰণি পেঞ্চন ব্যৱস্থা (Old pension scheme) প্ৰৱৰ্তনৰ দাবীত পহিলা ফেব্ৰুৱাৰীত ৰাজ্যজুৰি ক’লা দিৱস পালন কৰিব ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলে ৷ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ নতুন পেঞ্চন আঁচনি বাতিল কৰি পুৰণি পেঞ্চন ব্যৱস্থা পুনৰ প্ৰৱৰ্তনৰ দাবীত সদৌ অসম কৰ্মচাৰী পৰিষদে বুধবাৰে ক'লা বেজ পৰিধান কৰি ‘ক’লা দিন’ পালন কৰাৰ বাবে জনোৱা আহ্বানক ইতিমধ্যে সমর্থন জনাইছে চৰকাৰী কৰ্মচাৰীৰ 130 টাকৈ সংগঠনে ৷

কৰ্মচাৰীসকলৰ দাবীসমূহ আলোচনাৰ জৰিয়তে মীমাংসা কৰিবলৈ ৰাজ্য চৰকাৰক আহ্বান জনাইছে চৰকাৰী কৰ্মচাৰীসকলে ৷ সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সন্থাৰ সভাপতি অচ্যুতানন্দ হাজৰিকাই কয় যে বুধবাৰে ক’লা দিৱস পালন কৰা উপৰিও 10 ফেব্ৰুৱাৰীত এদিনীয়া কৰ্মবিৰতি পালন কৰা হ’ব (Assam Employee Association protest against NPS)৷

কৰ্মচাৰীসকলক বিশৃংখল পৰিৱেশ সৃষ্টি নকৰি নিজ নিজ কাৰ্যালয়ত ক’লা বেজ পৰিধান কৰি নিজৰ নিজৰ কৰ্তব্য পালন কৰিবলৈ আহ্বান জনায় কৰ্মচাৰী পৰিষদৰ সভাপতি অচ্যুতানন্দ হাজৰিকাই ৷

উল্লেখ্য যে দেশত ১৮৫৭ চনতে বৃটিছ চৰকাৰে আৰম্ভ কৰা আৰু অসম চৰকাৰে ১৯৬৯ ৰ পেঞ্চন আইন আৰু ১৯৬৪ ৰ পৰিয়াল পেঞ্চন আইনৰ জৰিয়তে চৰকাৰী কৰ্মচাৰীসকলৰ ভৱিষ্যতৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ লক্ষ্যৰে যি পেঞ্চন ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল তাক এতিয়া মোডী চৰকাৰে নিজৰ অর্থনৈতিক নীতিৰ ব্যর্থতা ঢাকিবলৈ জীৱনজুৰি সেৱা আগবঢ়োৱা কৰ্মচাৰীসকলৰ লগতে তেওঁলোকৰ পৰিয়ালৰ ভৱিষ্যত ধ্বংসৰ মুখলৈ ঠেলি দি গ্ৰহণ কৰা নতুন পেঞ্চন আঁচনি কোনো কাৰণতে কৰ্মচাৰীসকলে গ্ৰহণ কৰা উচিত নহয় বুলি বিভিন্ন সংগঠনে মত পোষণ কৰিছে ৷

নতুন পেঞ্চন আঁচনি অনুসৰি কৰ্মচাৰীসকলৰ দৰমহাৰ ১০ শতাংশ ধন পেঞ্চনৰ শিতানত কাটি ৰখাৰ নিয়ম প্ৰৱৰ্তন কৰা হৈছে আৰু ১৪ শতাংশ ধন চৰকাৰে কৰ্মচাৰীজনৰ বাবদ জমা দিব আৰু এই সমুদায় ধন কেতবোৰ বিত্তীয় প্ৰতিষ্ঠানৰ জৰিয়তে বজাৰত বিনিয়োগ কৰিব আৰু তাৰ লভ্যাংশৰ পৰা কৰ্মচাৰীজনৰ অৱসৰৰ পিছত সেই অনুপাতে মাহিলী পেঞ্চন প্ৰদান কৰা হৈছে ৷ নতুন নীতিৰ অধীনত যোৱা কেইবছৰত অৱসৰ গ্ৰহণ কৰা সাত সহস্ৰাধিক শিক্ষক-কর্মচাৰীয়ে মাহিলী পেঞ্চনৰ নামত পাইছে মাত্ৰ ৫০০ ৰ পৰা ১২০০ টকাকৈ ৷

উল্লেখ্য যে, সমগ্ৰ দেশতে নতুন পেঞ্চন নীতি প্ৰৱৰ্তন কৰা হৈছিল যদিও কৰ্মচাৰীৰ প্ৰতিবাদত সেও মানি ইতিমধ্য ৰাজস্থান, ছট্টিশগড়, ঝাৰখণ্ড, পঞ্জাব আৰু হিমাচল প্ৰদেশ চৰকাৰে পুৰণি পেঞ্চন ব্যৱস্থা পুনৰ প্ৰৱৰ্তন কৰিবলৈ বাধ্য হৈছে ৷

লগতে পঢ়ক: Diesel price : ৰাজ্যত বিদ্যুৎ মাচুলৰ পাছত এইবাৰ ডিজেলৰ মূল্য বৃদ্ধি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.