Award ceremony: পাঞ্জাবাৰী সাহিত্য সভাৰ বঁটা প্ৰদান অনুষ্ঠান

By ETV Bharat Assamese Team

Published : Oct 10, 2023, 9:31 PM IST

thumbnail

গুৱাহাটী,১০ অক্টোবৰ: সোমবাৰে অনুষ্ঠিত কৰা হয় বৃহত্তৰ পাঞ্জাবাৰী সাহিত্য সভা অমূল্য কুমাৰ চক্ৰৱৰ্তী সোঁৱৰণী ন্যাসৰ একাদশ অনুবাদ সাহিত্য বঁটা প্ৰদান অনুষ্ঠান । মহানগৰীৰ পাঞ্জাবাৰীস্থিত শিল্পগ্ৰামৰ প্ৰেক্ষাগৃহত আয়োজন কৰা হয় এই বঁটা প্ৰদান অনুষ্ঠান । বন্তি প্ৰজ্বলন আৰু বৰগীতেৰে আৰম্ভ কৰা হয় এই বিশেষ অনুষ্ঠানটি । অনুষ্ঠানত 'এজাক ফুলৰ ধুমূহা' গ্ৰন্থখনৰ বাবে বিশিষ্ট কবি-সাহিত্যক আনিছ উজ জামানক অনুবাদ সাহিত্য বঁটা প্ৰদান কৰা হয় ।  

এই অনুষ্ঠানৰ মাজতে লেখিকা উৰ্মিলা চক্ৰৱৰ্তী আৰু গীতালি কাশ্যপৰ দুখন গ্ৰন্থ 'মৃত্যুৰে মুখামুখি এবছৰীয়া কাহিনী' আৰু 'অপৰাজিতা' নামৰ দুখন গ্ৰন্থ উন্মোচন কৰা হয় । উন্মোচন কৰে ক্ৰমে মিনতি বৰঠাকুৰ আৰু বিপুল দেউৰীয়ে । অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট সাংবাদিক তথা সাহিত্যিক কনকসেন ডেকা, বয়োজেষ্ঠ সাংবাদিক ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্ত্তী, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ধ্ৰুৱজ্যোতি বৰাৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি ।  

লগতে পঢ়ক: Puja preparation in Guwahati: মায়া সভ্যতাৰ আৰ্হিত বিষ্ণুপুৰৰ পূজা মণ্ডপ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.