Protest at Barhola: বিশুদ্ধ খোৱাপানী যোগানৰ দাবীত বৰহোলাত ONGC ৰ বিৰুদ্ধে প্ৰতিবাদ

By

Published : Aug 20, 2023, 2:17 PM IST

thumbnail

তিতাবৰ, 20 আগষ্ট : শনিবাৰে প্ৰতিবাদত উত্তাল হ’ল বৰহোলা শিলডুবিস্থিত অ’ এন জি চিৰ বিআৰডি জেড 760 ৰীগ ৷ বিশুদ্ধ খোৱাপানী যোগানৰ দাবীত বৰহোলা শিলডুবি গাঁৱৰ ৰাইজে বৰহোলা ONGC ৰ বিৰুদ্ধে সাব্যস্ত কৰে এই প্ৰতিবাদ ৷ আনকি প্ৰতিবাদকাৰীসকলে ৰীগটোত কৰ্মৰত কৰ্মচাৰীৰ যান-বাহন প্ৰৱেশতো বাধা প্ৰদান কৰে ৷

উল্লেখ্য যে, বৰহোলা শিলডুবি বিআৰডি জেড 760 এক্স ৰীগৰ ড্ৰিলিঙৰ অৱশিষ্টই বৰহোলা শিলডুবি গাঁৱৰ কৃষিভূমি, টিউবৱেল, পুখুৰী আৰু কুঁৱাৰ পানী প্ৰদূষিত কৰিছে ৷ ফলত গাঁওৱাসীয়ে এটুপি বিশুদ্ধ খোৱাপানী কাৰণে হাহাকাৰ কৰিবলগীয়া অৱস্থা সৃষ্টি হৈছে ৷ এই সন্দৰ্ভত ৰাইজে ONGCৰ উৰ্ধতম কৰ্তৃপক্ষৰ লগতে তিতাবৰ মহকুমাৰ প্ৰশাসনক সকলো সমস্যা বিৱৰি লিখিতভাৱে জনোৱা পিচতো কোনো গুৰুত্ব প্ৰদান নকৰাত অভিযোগ তৰিছে গাঁওবাসীয়ে ৷

ইফালে, শনিবাৰে বিয়লি 5 বজাত প্ৰতিবাদস্থলীত উপস্থিত হয় বৰহোলা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকী ৷ দুই পৰক্ষৰ অভাৱ-অভিযোগ বুজ লোৱাৰ বিপৰীতে আৰক্ষী বিষয়াগৰাকীয়ে প্ৰতিবাদী কাৰ্যসূচী উঠাই ল’বলৈহে ধমকি প্ৰদান কৰা বুলি অভিযোগ উত্থাপন কৰিছে প্ৰতিবাদকাৰীসকলে ৷ আৰক্ষী বিষয়াগৰাকীৰ এনে ব্যৱহাৰৰ বিৰুদ্ধে ক্ষুব্ধ হৈ পৰিছে গাঁওবাসী লগতে আটছা তিতাবৰ শাখাও ৷

লগতে পঢ়ক : Road accident: ৰঙাজান দলঙৰ পৰা তললৈ বাগৰি পৰিল চাৰিচকীয়া বাহন; এজন আহত

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.