Karam Puja controversy: কৰম পূজা বিতৰ্ক; বাগিচা অঞ্চলত বিজেপি নেতাৰ প্ৰৱেশ নিষেধ আটছাৰ

By ETV Bharat Assamese Team

Published : Sep 21, 2023, 7:25 PM IST

thumbnail

তিনিচুকীয়া, ২১ ছেপ্টেম্বৰ: কৰম পূজাৰ বন্ধক কেন্দ্ৰ কৰি ৰাজ্যৰ বাগিচাই বাগিচাই ক্ষোভৰ উদ্গিৰণ ঘটাৰ পৰিলক্ষিত হৈছে । তিনিচুকীয়া জিলাৰ ডুমডুমাৰ সমীপৰ চামডাং চাহ বাগিচাত বৃহস্পতিবাৰে অসম চাহ জনজাতি ছাত্ৰ সন্থা চমুকৈ আটছাৰ কৰ্মকৰ্তা উপস্থিত হৈ চাহ শ্ৰমিকৰ সৈতে কৰম পৰ্বৰ বন্ধ সম্পৰ্কে আালোচনা কৰে ।

চাহ জনগোষ্ঠীয় লোকৰ পৱিত্ৰ কৰম পূজাক কেন্দ্ৰ কৰি চৰকাৰে ল’ৰা-ধেমালি কৰা কাৰ্যক চাহ শ্ৰমিকসকলে সহজভাৱে মানি ল’ব পৰা নাই । কৰম পূজাৰ দিনা বন্ধ ঘোষণা কৰিছে যদিও সেই বন্ধৰ দিনৰ পৰিপ্ৰেক্ষিতত অন্য দিনা শ্ৰমিকসকলে কাম কৰিব লাগিব বুলি শ্ৰম বিভাগে এক নিৰ্দেশনা প্ৰকাশ কৰিছে ।

এই নিৰ্দেশনা প্ৰকাশ পোৱাৰ পাচতেই বাগিচাই বাগিচাই ক্ষোভৰ উদ্গিৰণ ঘটা পৰিলক্ষিত হৈছে । যদিহে, কৰম পূজাৰ এই নিৰ্দেশনা সংশোধন নকৰে তেন্তে বাগিচা অঞ্চলত বিজেপি নেতা-কৰ্মীৰ প্ৰৱেশ নিষেধ কৰিব বুলিও আটছাই হুংকাৰ প্ৰদান কৰে । "শ্ৰমমন্ত্ৰী সঞ্জয় কিষাণে ঢোল বজাই কৰম গান গালেই নহ’ব । চাহ শ্ৰমিকসকল মুৰ্খ নহয়" বুলি চৰকাৰৰ সকিয়নী দিয়ে আটছাই ।

লগতে পঢ়ক: MLA Terosh Gowalla: চাহ শ্ৰমিকক দৰমহাসহ কৰম পূজা বন্ধ দিবলৈ আহ্বান বিধায়ক তেৰছ গোৱালাৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.