Attempt to rape : মহানগৰীৰ ভেটাপাৰাত কিশোৰীক দলবদ্ধ ধৰ্ষণৰ অপচেষ্টা,গ্ৰেপ্তাৰ এক

By ETV Bharat Assamese Team

Published : Nov 1, 2023, 5:37 PM IST

thumbnail

গুৱাহাটী ১ নৱেম্বৰ: গুৱাহাটী মহানগৰীত পুনৰ সংঘটিত হল এক চাঞ্চল্যকৰ ঘটনা । মঙলবাৰে সন্ধিয়া এগৰাকী কিশোৰীক দলবদ্ধভাৱে ধৰ্ষণৰ অপচেষ্টা চলালে অট্টালিকাত কাম কৰা কেইটামান শ্ৰমিকে । শ্ৰমিক কেইটাই ৰাজপথতেই কিশোৰীগৰাকীক টানি-আজুৰি ধৰ্ষণৰ চেষ্টা চলায় । অৱশ্য়ে ৰাইজৰ তৎপৰাত কিশোৰীগৰাকী নিশ্চিত বিপদৰ পৰা ৰক্ষা পৰে । এই ঘটনাত কিশোৰী গৰাকীৰ ভাতৃকো শাৰীৰিক ভাৱে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপিত হৈছে ।  

মঙলবাৰে সন্ধিয়াৰ ভাগত সংঘটিত হয় এই ঘটনাটো । ঘোৰামাৰা কেৰাকুছিৰ উত্তাৰনয় গ্ৰীন নামৰ এপাৰ্টমেণ্টৰ সন্মুখৰ ষ্টাৰ্লিং হাইটছ নামে এটা নিৰ্মিয়মান অট্টালিকাৰ কেইটামান শ্ৰমিকে কালি সন্ধিয়া ভুক্তভোগী কিশোৰীগৰাকী ভাতৃৰ লগত ঘৰৰ পৰা ওলাই যোৱাৰ পিচতেই সংঘটিত হৈ এই ঘটনাটো । ইতিমধ্যে বশিষ্ঠ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগীয়ে‌ । ভুক্তভোগীৰ এজাহাৰৰ ভিত্তিত বশিষ্ঠ আৰক্ষীয়ে এই ঘটনাৰ লগত জড়িত আব্দুল আলী নামৰ এটা লম্পটক গ্ৰেপ্তাৰ কৰি ঘটনা সন্দৰ্ভত অব্যাহত ৰাখিছে তদন্ত । 

গতে পঢ়ক:Attempt to rape: বন্ধুৰ ঘৰলৈ আনি যুৱতীক ধৰ্ষণৰ চেষ্টা তিনি যুৱকৰ; ঠিকনা লক্ আপ 

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.