ATASU Protest in Dibrugarh : জনজাতিকৰণ আৰু মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবীত ডিব্ৰুগড়ত আটাছুৰ তীব্ৰ প্ৰতিবাদ

By

Published : Aug 11, 2023, 8:10 PM IST

thumbnail

ডিব্ৰুগড়, 11 আগষ্ট : টাই আহোম জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যদা প্ৰদান কৰা আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ দামবৃদ্ধিৰ বিৰুদ্ধে ডিব্ৰুগড়ৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত আটাছুৰ তীব্ৰ প্ৰতিবাদ ৷ চৰকাৰৰ প্ৰতিটো নিৰ্বাচনত টাই আহোম জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যদা প্ৰদান কৰাৰ বিষয়টো এক নিৰ্বাচনী ইছ্যু হিচাবে ব্যৱহাৰ কৰি অহাৰ অভিযোগ উত্থাপন কৰিছে তাই আহোম ছাত্ৰ সন্থাই ৷ জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যদা প্ৰদান কৰা হ’ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰি আজি পৰ্যন্ত চৰকাৰে এই সন্দৰ্ভত কোনো ব্যৱস্থা গ্ৰহণ নকৰাত এতিয়া জাঙুৰ খাই উঠিছে সংগঠনটো ৷

ইফালে ইন্ধনৰ পৰা আৰম্ভ কৰি সকলো নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যদিও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে ৷ ফলত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে জ্বলা-কলা খুৱাইছে সৰ্বসাধাৰণক ৷ সামগ্ৰীৰ অভাৱনীয় মূল্যবৃদ্ধিয়ে হাহাকাৰ লগাইছে ৰাজ্যবাসীৰ মাজত ৷ কিন্তু মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাৰ পৰিৱৰ্তে পুনৰ সামগ্ৰীৰ মূল্যবৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে চৰকাৰে ৷ ইয়াৰ পাছতে ৰাজ্যত আৰম্ভ হৈছে তীব্ৰ প্ৰতিবাদ ৷

সেয়ে টাই আহোম জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যদা প্ৰদান কৰা আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ দামবৃদ্ধিৰ বিৰুদ্ধে ডিব্ৰুগড় জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত শুকুৰবাৰে সদৌ তাই আহোম ছাত্ৰ সন্থাই সাব্যস্ত কৰে প্ৰতিবাদ ৷ প্ৰতিবাদস্থলীত আটাছুৰ শতাধিক সদস্য‌ই বিভিন্ন চৰকাৰ বিৰোধী শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে ৷

লগতে পঢ়ক : ATASU Protest in Dhemaji : জনজাতিকৰণৰ আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধৰ দাবীত ধেমাজিত আটাছুৰ অৱস্থান ধৰ্মঘট

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.