ATASU Protest in Dhemaji : জনজাতিকৰণৰ আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধৰ দাবীত ধেমাজিত আটাছুৰ অৱস্থান ধৰ্মঘট

By

Published : Aug 11, 2023, 5:57 PM IST

thumbnail

ধেমাজি, 11 আগষ্ট : টাই আহোমক জনজাতিকৰণৰ মৰ্যদা প্ৰদান কৰা আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবীl শুকুৰবাৰে সদৌ টাই আহোম ছাত্ৰ সন্থাৰ ধেমাজি জিলা সমিতিযে কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে ধেমাজি সদৰত, জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত দুঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ৷ দুই শতাধিক আটাছু কৰ্মীয়ে তাই আহোমক জনজাতিকৰণৰ মৰ্যদা প্ৰদান কৰক, বিজেপি হায় হায় , যোগান মন্ত্ৰীয়ে পদত্যাগ কৰক, মূল্য বৃদ্ধিৰোধ কৰক আদি শ্ল’গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷  

ইফালে জনজাতিকৰণৰ নামত ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে বাৰে বাৰে চক্ৰান্ত কৰি একপ্ৰকাৰৰ নাটক কৰা বুলি ক্ষোভ প্ৰকাশ কৰি টাই আহোমকে ধৰি ছয় জনগোষ্ঠীক শীঘ্ৰেই জনজাতিকৰণ মৰ্যদা প্ৰদান কৰাৰ দাবী জনায় প্ৰতিবাদকাৰীসকলে ৷ 

লগতে এফালে বিনামূলীয়া ৰেছন দি আনফালে অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ জৰিয়তে জনসাধাৰণক মাধমাৰ সোধোৱা চৰকাৰখনক অতি শীঘ্ৰে মূল্য বৃদ্ধি হ্ৰাস কৰিবলৈ দাবী জনায় ৷ অন্যথা আগন্তুক লোকসভা নিৰ্বাচনত ৰাইজে ইয়াৰ সমুচিত শিক্ষা দিব বুলি মন্তব্য কৰে আটাছুৰ কেন্দ্ৰীয় উপ-সভাপতিগৰাকীয়ে ৷

লগতে পঢ়ক : Ahom sena protest: শিৱসাগৰত আহোম সেনাৰ প্ৰতিবাদ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.