IWF World youth championship: বিশ্ব যুৱ ভাৰোত্তোলন চেম্পিয়নশ্বিপত বেদব্ৰত ভৰালীৰ ব্ৰঞ্জৰ পদক অৰ্জন

By

Published : Mar 30, 2023, 1:13 PM IST

thumbnail

মৰাণ, ৩০ মাৰ্চ:অসমৰ ক্ৰীড়া ক্ষেত্ৰত ইটোৰ পাছত সিটো সুখবৰ । এইবাৰ যুৱ বিশ্ব চেম্পিয়নশ্বিপত ভাৰোত্তোলনত অসমৰ ভাৰোত্তোলকে প্ৰথমটো পদক অৰ্জন কৰিবলৈ সক্ষম হয় । বিশ্ব যুৱ ভাৰোত্তোলন চেম্পিয়নশ্বিপত উজলি উঠিছে অসমৰ বেদব্ৰত ভৰালী (Bedabrata Bharali wins bronze medal in IWF world youth championship )। ইউৰোপ মহাদেশৰ আলবেনিয়াৰ ডুৰেছত অনুষ্ঠিত IWF world youth championship 2023 প্রতিযোগিতাত ভাৰতীয় দলক প্রতিনিধিত্ব কৰা বেদব্ৰতে পুৰুষৰ ৬৭ কিলোগ্রামৰ শাখাত ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয় । 

উল্লেখযোগ্য যে, বিশ্ব যুৱ চেম্পিয়নশ্বিপত অসমীয়া ভাৰোত্তোলকৰ এয়া প্ৰথমটো পদক । ১৫ বছৰীয়া বেদব্ৰতে মুঠ ২৬৭ কিলোগ্রাম উত্তোলন কৰে । তেওঁ স্লেটছত ১১৯ কিলোগ্ৰাম আৰু ক্লিন এণ্ড জাৰ্কত ১৪৮ কিলোগ্রাম উত্তোলন কৰে । ব্ৰঞ্জৰ পদকটো বেদব্রতে ক্লিন এণ্ড জার্ক শাখাত লাভ কৰিবলৈ সক্ষম হয় । বেদব্ৰতৰ ঘৰ ডিব্ৰুগড় জিলাৰ মধুপুৰ দেউৰী গাঁৱত ।

লগতে পঢ়ক:Civic action program by CRPF: নগাঁও ভোগেশ্বৰী ফুকননী চিকিৎসালয়ত চিকিৎসা সামগ্ৰী বিতৰণ চি আৰ পি এফৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.