Encounter in Karimganj: কৰিমগঞ্জত ডকাইতলৈ লক্ষ্য কৰি গৰজিল আৰক্ষীৰ বন্দুক

By

Published : Aug 10, 2023, 10:00 PM IST

Updated : Aug 10, 2023, 10:46 PM IST

thumbnail

কৰিমগঞ্জ, ১০ আগষ্ট: আকৌ গৰজিল অসম আৰক্ষীৰ বন্দুক ৷ এইবাৰ স্থান কৰিমগঞ্জ ৷ কৰিমগঞ্জ ষ্টেট বেংকৰ সন্মুখত ডকাইতলৈ লক্ষ্য কৰি চলিল কৰিমগঞ্জ আৰক্ষীৰ বন্দুকৰ গুলী ৷ ষ্টেট বেংকৰ গ্ৰাহকৰ ধন লুটৰ লক্ষ্যৰে খাপ পিটি আছিল ডকাইতটোৱে ৷ বেংকৰ ভিতৰত ডকাইতটোৰ চলাচলক লৈ সন্দেহৰ সৃষ্টি হৈছিল আৰক্ষীৰ ৷ 

ষ্টেট বেংকৰ পৰা ধন লৈ ওলাই অহা এজন গ্ৰাহকৰ পিছ লৈছিল সন্দেহযুক্ত ডকাইতটোৱে ৷ কিন্তু ডকাইতিকাণ্ড সংঘটিত কৰাৰ পূৰ্বেই সকলোৱে বাধা দিয়ে ডকাইটোক ৷ কিন্তু সুযোগ বুজি ডকাইটোৱে পলায়ন কৰিবলৈ সক্ষম হয় ৷ আৰক্ষীয়ে ডকাইতলৈ লক্ষ্য কৰি গুলিচালনা কৰে যদিও ডকাইতটো পলায়ন কৰিবলৈ সক্ষম হয় ৷ অৱশ্যে লোকজনৰ টকাৰ বেগটো লুটি নিয়াত ব্যৰ্থ হয় ডকাইতটো ৷

কৰিমগঞ্জ ষ্টেট বেংকৰ সন্মুখত কেইবাদিন ধৰি ধাৰাবাহিকভাৱে ডকাইতিৰ ঘটনা সংঘটিত হৈ আহিছিল ৷ যাৰ বাবে কৰিমগঞ্জ আৰক্ষীয়ে বেংকটোৰ লগতে অঞ্চলটোত তীক্ষ্ণ দৃষ্টি ৰাখিছিল ৷

লগতে পঢ়ক: Police Encounter: এসপ্তাহত গুৱাহাটীত চতুৰ্থটো এনকাউন্টাৰ; আকৌ চোৰৰ ভৰিত আৰক্ষীৰ গুলী

Last Updated : Aug 10, 2023, 10:46 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.