ETV Bharat / state

Police Encounter: এসপ্তাহত গুৱাহাটীত চতুৰ্থটো এনকাউন্টাৰ; আকৌ চোৰৰ ভৰিত আৰক্ষীৰ গুলী

author img

By

Published : Aug 9, 2023, 11:49 AM IST

আকৌ গৰজিলে মহানগৰ আৰক্ষীৰ বন্দুকে । আৰক্ষীৰ গুলীত ধৰাশায়ী চিলনী চোৰ । এসপ্তাহতে চতুৰ্থটো চিলনী চোৰক এনকাউন্টাৰ মহানগৰ আৰক্ষীৰ ।

Thief injured in police firing in Guwahati
আৰক্ষীৰ গুলীত ধৰাশায়ী চিলনী চোৰ

গুৱাহাটী, ৯ আগষ্ট: এসপ্তাহৰ ভিতৰতে গুৱাহাটীত আৰক্ষীৰ গুলীত ধৰাশায়ী চতুৰ্থটো চিলনী চোৰ । বুধবাৰে পুৱতি নিশা আমচিং যোৰাবাট এলেকাত আৰক্ষীৰ গুলীত গুলীবিদ্ধ আমিৰ আলী নামৰ চিলনী চোৰটো । হাতীগাঁও আৰক্ষীয়ে কৰায়ত্ত কৰা চোৰটোক আন চোৰৰ সন্ধানত অভিযান চলাবলৈ লৈ যোৱা সময়ত অমচিং যোৰাবাট অঞ্চলত আৰক্ষীৰ হাতৰ পৰা পলয়নৰ চেষ্টা চলায় । পৰিণতিত আৰক্ষীয়ে গুলীচালনা কৰিবলৈ বাধ্য হয় ।

আৰক্ষীৰ গুলীয়ে আমিৰ আলীৰ বাওঁ ভৰি ভেদ কৰে । বুধবাৰে পুৱতি নিশা ৩:৪০ বজাত আৰক্ষীয়ে গুলিবিদ্ধ চিলনী চোৰটোক জি এম চি এইছত ভৰ্তি কৰায় । বৰ্তমান চোৰটোৰ স্বাস্থ্যৰ অৱস্থা সুস্থিৰ বুলি জানিব পৰা গৈছে ।

জানিব পৰা মতে ধৃত আমিৰ আলীয়ে গুৱাহাটীৰ বিভিন্ন প্ৰান্তত মহিলাৰ ডিঙিৰ পৰা চেইন কঢ়া, মোবাইল থপিয়াই নিয়া আদি বিভিন্ন অপৰাধ সংঘটিত কৰি আহিছে । উল্লেখ্য যে, দুদিন পূৰ্বে চন্দ্ৰপুৰত পল্টনবজাৰ আৰক্ষীৰ গুলীত আহত হৈছিল অৰ্জুন সাহা নামৰ আন এটা চিলনী চোৰ । পৰৱৰ্তী সময়ত আৰক্ষীৰ গুলীত আঘাতপ্ৰাপ্ত চোৰটোক জি এম চি এইচত ভৰ্তি কৰোৱা হৈছিল ।

উল্লেখ্য যে, শেহতীয়াকৈ গুৱাহাটী মহানগৰীত সঘনাই মোবাইল চুৰি আৰু পথেৰে গৈ থকা লোকৰ পৰা মূল্যবান সামগ্ৰী কাঢ়ি নিয়াৰ ঘটনা বৃদ্ধি পোৱাত মহানগৰ আৰক্ষীয়ে এনে চোৰৰ বিৰুদ্ধে ব্যাপক অভিযান আৰম্ভ কৰিছে । এই সমগ্ৰ প্ৰক্ৰিয়াটো জ্ঞাত হোৱাৰ পাছত আৰক্ষীয়ে এটা এটাকৈ মোবাইল চোৰ তথা কাঢ়ি নিয়া লোকক গ্ৰেপ্তাৰ কৰা আৰম্ভ কৰে ।

নিশাটো দূৰৰে কথা দিন দুপৰতে চেইন চুৰি, মোবাইল চুৰি, গাড়ী চুৰি আদিৰ ঘটনাই মহানগৰবাসী শংকিত কৰি তোলাৰ সময়তে অপৰাধ ৰোধৰ ক্ষেত্ৰত গুৱাহাটীৰ স্মাৰ্ট আৰক্ষীয়ে অৱলম্বন কৰিবলগীয়া হৈছে নতুন কৌশল । পানবজাৰ, পল্টন বজাৰ আৰু গীতানগৰ থানাৰ পুৰণি গোচৰৰ ভিত্তিত আৰম্ভ হৈছে গ্ৰেপ্তাৰ প্ৰক্ৰিয়া ।

যোৱা ২ আগষ্টৰ নিশাও বোন্দা আৰু বিৰুবাৰীত আৰক্ষীৰ এনকাউন্টাৰৰ ঘটনা সংঘটিত হৈছিল । আৰক্ষীৰ বেহু ফালি পলায়নৰ চেষ্টা কৰোতেই আৰক্ষীৰ গুলীত আহত হৈছিল অভিজিত ৰাভা আৰু মহিবুল হক নামৰ দুটাকৈ চোৰ ।

লগতে পঢ়ক: Hospital sealed:কৰিমগঞ্জ প্ৰশাসনে ছীল কৰিলে পাথাৰকান্দিৰ ছানৰাইজ হাস্পতাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.