Miss Global India Sunshine Mega Teen 2023: ৰাষ্ট্ৰীয় পৰ্যায়ৰ মডেলিং জগতত উজ্বলিল টীয়কৰ ৰিমজিম

By

Published : May 25, 2023, 7:36 PM IST

thumbnail

টীয়ক, 25 মে’ : এগৰাকী ছাত্ৰীৰ দুটাকৈ ভাল খবৰে সমূহ টীয়কবাসীক উৎফুল্লিত কৰি তুলিছে । আমি ক’ব বিচাৰিছো টীয়কৰ হাঁহচৰাৰ নিবাসী বিমান বৰা আৰু জোণমণি বৰাৰ কনিষ্ঠ জী ৰিমজিম বৰাৰ কথা (Miss Global India Sunshine Mega Teen winner Rimjim Bora)। ৰিমজিমে সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ডিষ্টিংচন লাভ কৰাৰ সমান্তৰালকৈ সোণ সুৱগা চৰাই ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অনুষ্ঠিত মডেলিং প্ৰতিযোগিতাত শীৰ্ষ স্থান দখল কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ।

নতুন দিল্লীত গ্লবেল ইণ্ডিয়া চানচাইনৰ উদ্যোগত ৰাষ্ট্ৰীয় পৰ্যায়ত আয়োজিত মডেলিং প্ৰতিযোগিতাৰ ‘‘MISS GLOBLE INDIA SUNSINE MEGA TEEN’’ খিতাপ দখল কৰিবলৈ সক্ষম হৈছে ৰিমজিমে । উল্লেখযোগ্য যে, ইতিমধ্য ৰিমজিমে ইয়াৰ পূৰ্বে অসমৰ বহুকেইটা আগশাৰীৰ মডেলিং প্ৰতিযোগিতাত বিভিন্ন বিষয়ত সুনাম অৰ্জন কৰি পৰিয়ালৰ লগতে সমূহ টীয়কবাসীক গৌৰৱাম্বিত কৰি আহিছে ।

শেহতীয়াকৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ এই প্ৰতিযোগিতাত ৰিমজিমে লাভ কৰা এই সফলতাই এতিয়া সকলোৰে মুখত হাঁহি বিৰিঙাইছে । ইপিনে পঢ়াৰ সমান্তৰালকৈ মডেলিং জগতত এইদৰে আগুৱাই গৈ অনাগত দিনত MISS INDIA ৰ মঞ্চত ৰেম্প ৱাক কৰাৰ হেঁপাহ ৰিমজিমৰ । সেয়ে এইক্ষেত্ৰত যাতে তেওঁ সফল হয়, এই মুহূৰ্তত তেওঁ সমূহ ৰাইজৰে আশিস কামনা কৰিছে ।

ইপিনে হাঁহচৰাৰ দৰে অঞ্চলৰ পৰা গৈ এই বয়সতে সৰ্বভাৰতীয় পৰ্যায়ত বিশেষকৈ মডেলিং জগতত সুনাম কঢ়িয়াওৱাৰ লগতে শিক্ষাৰ ক্ষেত্ৰতো ৰিমজিমৰ যি পাৰদৰ্শিতা সেয়া সকলোৱে আদৰ্শ বুলি অভিহিত কৰিছে ।

লগতে পঢ়ক : Tina Turner Passes Away: ‘ৰক এন ৰোল’ ৰাণী টিনা টাৰ্নাৰৰ দেহাৱসান, ৮৩ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.