আলফা স্বাধীনৰ লগত আলোচনাৰ ক্ষেত্রত ৰাইজৰ লগত বহাৰ পোষকতা মুখ্যমন্ত্রীৰ

By ETV Bharat Assamese Team

Published : Dec 17, 2023, 9:36 PM IST

thumbnail

গুৱাহাটী, ১৭ ডিচেম্বৰ: আলোচনাপন্থী আলফাৰ সৈতে চুক্তিৰ পাছতে আলফা স্বাধীনৰ সৈতে আলোচনা কৰাৰ চিন্তা-চৰ্চা কৰিব লাগিব । এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ । আলফা স্বাধীনৰ প্ৰসংগত দেওবাৰে সংবাদ মাধ্যমৰ আগত গুৰুত্বপূৰ্ণ মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয় যে আলোচনাপন্থী আলফাৰ লগত কেইবালানি আলোচনা অনুষ্ঠিত হৈছে আৰু এই আলোচনা শীঘ্ৰেই সমাপ্ত হ'ব । 

আনহাতে আলোচনাপন্থী আলফাৰ লগত চুক্তি হৈ যোৱাৰ পাছত পৰৱৰ্তী পৰিৱেশত ৰাইজৰ লগত বহি কিধৰণে আলফা স্বাধীনৰ লগত আলোচনা (Peace talk with Ulfa I) কৰিব পাৰো তাৰ বিষয়ে চিন্তা-চৰ্চা কৰিব লাগিব ।

সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কয় যে তেওঁ পৰেশ বৰুৱা বুলিয়ে নহয়, সকলোৰে লগত মৰ্যাদা সহকাৰে কথা পাতে । কেৱল বোমা-গ্ৰেণেড আদি বিস্ফোৰণ হ'লে মনটো বেয়া লাগে বুলি সদৰী কৰে মুখ্যমন্ত্ৰীয়ে ৷ ইয়াৰোপৰি তেওঁ আলফা(স্বা)ৰ প্ৰতি কয় যে অসমক যদি ভালপায়, তেন্তে এইটোৱেই সময় যাতে উভতি আহি অসমৰ বিকাশৰ বাবে অৰিহণা আগবঢ়াব পাৰে ।

লগতে পঢ়ক: জি পি সিং আৰু আলফা (স্বা) ৰ তৰ্কযুদ্ধ : মুখ খুলিলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.