Bhabesh Kalita at Narayanpur : ভূপেন বৰাই কংগ্ৰেছ দলটো ধ্বংস কৰিলে : ভৱেশ কলিতা

By ETV Bharat Assamese Team

Published : Nov 16, 2023, 3:39 PM IST

thumbnail

বিহপুৰীয়া, 16 নৱেম্বৰ : প্ৰদেশ কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ভূপেন কুমাৰ বৰাৰ গৃহসমষ্টিত বিজেপিৰ বিশাল যোগদান কাৰ্যসূচী । বিহপুৰীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত বৃহস্পতিবাৰে অনুষ্ঠিত হয় উক্ত যোগদান কাৰ্যসূচী । বিহপুৰীয়া সমষ্টিৰ বহুকেইটা পঞ্চায়তৰ পৰা পাঁচ সহস্ৰাধিক পুৰুষ-মহিলাই বিজেপি দলত যোগদান কৰে ।  কংগ্ৰেছ দলৰ পৰাও কেবাজনো কৰ্মীয়ে বিজেপি দলত যোগদান কৰে । যোগদানৰ কাৰ্যসূচীত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, লখিমপুৰ জিলাৰ প্ৰভাৰী ৰিতুবৰণ শৰ্মা, জিলা সভাপতি ফণিধৰ বৰুৱা, মাজুলীৰ বিধায়ক ভূৱন গাম আৰু বিহপুৰীয়া সমষ্টিৰ বিধায়ক ড৹ অমিয় কুমাৰ ভূঞা উপস্থিত থাকে ।  

আনহাতে সাংবাদিকৰে হোৱা বাৰ্তালাপত ভৱেশ কলিতাই কয় যে ভূপেন বৰাই কংগ্ৰেছ দলটো ধ্বংস কৰিলে ৷ ইয়াৰোপৰি সূতা-কম্বলৰ ৰাজনীতি কৰা কংগ্ৰেছ চৰকাৰৰ দিনত কাঠৰ দুৰ্বল দলং আছিল বুলি কংগ্ৰেছ চৰকাৰক সমালোচনা কৰাৰ লগতে বিজেপি চৰকাৰৰ বিভিন্ন ক্ষেত্ৰৰ উন্নয়নৰ কথাৰে ভাষণ প্ৰদান কৰে ভৱেশ কলিতাই ।

লগতে পঢ়ক : Congress joining: লখিমপুৰত কংগ্রেছত যোগদান কৰিলে বিজেপি-এজিপি কৰ্মীয়ে

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.