ভূপেন বৰাৰ মহাভাৰত ব্যাখ্যাৰ উত্তৰ দিলে ভৱেশ কলিতাই

By ETV Bharat Assamese Team

Published : Dec 4, 2023, 10:09 PM IST

thumbnail

ডিব্ৰুগড়, 4 ডিচেম্বৰ : ৰাজস্থান, তেলেংগানা, চত্তীশগড় আৰু মধ্যপ্ৰদেশৰ নিৰ্বাচন কংগ্ৰেছৰ লগতে বিৰোধী ৰাজনৈতিক দল সমূহৰ বাবে অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছিল যদিও আটাইকেইখন ৰাজ্যতে কংগ্ৰেছৰ শোচনীয়ভাৱে পৰাজয় হয় ৷ ইয়াৰ পাছতে মহাভাৰতৰ যুদ্ধত অভিমন্যুৰ মৃত্যু হওঁতে কৌৰৱে আনন্দ কৰিছিল, কিন্তু শেষত পাণ্ডৱৰ জয় হ'ল বুলি কৈ কংগ্ৰেছ কৰ্মীক সাহস আৰু সান্তনা দিছিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ৷

ভূপেন বৰাৰ এই মহাভাৰত ব্যাখ্যাক চাবুৱাত উত্তৰ দিলে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই ৷ সোমবাৰে ডিব্ৰুগড় জিলাত কেইবাটাও দলীয় কাৰ্যসূচী লৈ চাবুৱাত উপস্থিত হোৱা সভাপতি কলিতাই বিশমাইলস্থিত ডলফিন ৰিজ'ৰ্টত এখনি সংবাদমেল আয়োজন কৰি কংগ্ৰেছক তীব্ৰ সমালোচনা কৰে ৷  

ভূপেন বৰাৰ মহাভাৰত ব্যাখ্যাক কটাক্ষ কৰি ভৱেশ কলিতাই কয় যে, ভূপেন বৰাই প্ৰভু কৃষ্ণক লাভ জেহাদী বুলি কয়, এইজন মানুহৰ কথা কোনে গুৰুত্ব দিব ৷ তেওঁলোক এতিয়া মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ পৰা দুশ কিলোমিটাৰ আঁতৰত আছে ৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনক যিদৰে আগুৱাই নিছে, দেশৰ নেতালৈ ৰূপান্তৰিত হৈছে, তেনে নেতা মুখ্যমন্ত্ৰী শৰ্মাৰ পৰা বহু দূৰৈত ৷  

আনহাতে বিৰোধী ঐক্য মঞ্চক কটাক্ষ কৰি বিজেপিৰ সভাপতিগৰাকীয়ে কয় যে, তেওঁলোকৰ এইটো কি এলায়েন্স ! কাৰোবাৰ জিলাৰ সভাপতি আছে, বিষয়ববীয়া নাই, কাৰোবাৰ ৰাজ্যিক সমিতিখনেই নাই ৷ কাৰোবাৰ ৰাজ্যিক কমিটি আছে জিলা নাই ৷ কিন্তু বিজেপিৰ এতিয়া বুথ পৰ্যায়লৈকে শক্তিশালী কমিটি আছে বুলি কয় ভৱেশ কলিতাই ৷ 

লগতে পঢ়ক : দুই বৰাৰ নেতৃত্বত মিত্ৰজোঁট বেছি দিন নিটিকে: ভৱেশ কলিতা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.