Pradip Dutta Roy controversy: BDF নেতা প্ৰদীপ দত্ত ৰয়ক জাৱৰ আখ্যা অসমীয়া যুৱ মঞ্চৰ

By ETV Bharat Assamese Team

Published : Sep 30, 2023, 9:24 PM IST

thumbnail

মৰাণ, ৩০ ছেপ্টেম্বৰঃ বৰাক-ব্ৰহ্মপুত্ৰৰ ৰাইজৰ মাজৰ সম্প্ৰীতিৰ ভাৱ সৃষ্টি কৰাৰ বাবে ৰাজ্য চৰকাৰৰ লগতে দল- সংগঠন সমূহে চেষ্টা অব্যাহত ৰাখিছে । তেনে সময়তে বৰাকৰ বিচ্ছিন্নতাবাদী BDFনেতা প্ৰদীপ দত্ত ৰয়ে অসমীয়া বিদ্বেষী মন্তব্য কৰি বৰাকৰ লগত থকা অসমীয়াৰ সম্প্ৰীতি নোহোৱা কৰিবলৈ চেষ্টা কৰিছে । শেহতীয়াকৈ বৰাক উপত্যকাৰ তিনি জিলা কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দিক লৈ পৃথক ৰাজ্য গঠনৰ দাবী উত্থাপন কৰি ৰাজ্যত পুনৰ বিৰ্তকৰ পাতনি মেলিছে প্ৰদীপ দত্ত ৰয়ে । ইয়াৰ পাছতে ডিব্ৰুগড়ত পৃথক ৰাজ্যৰ দাবী জনোৱা প্ৰদীপ দত্ত ৰয়ক বৰাকৰ জাবৰ আখ্যা দিয়ে অসমীয়া যুৱ মঞ্চই ।  

সাম্প্ৰদায়িক মন্তব্য দি থাকা প্ৰদীপ দত্ত ৰয়ক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিবলৈ চৰকাৰক দাবী জনাই অসমীয়া যুৱ মঞ্চই । ডিব্ৰুগড়ত সংবাদমেল অনুষ্ঠিত কৰি অসমীয়া যুৱ মঞ্চৰ ‌সভাপতি যাদৱ গগৈয়ে প্ৰদীপ দত্ত ৰয়ৰ বিৰুদ্ধে সৰৱ হৈ পৰে । লগতে বিতৰ্কিত অসম বিৰোধী মন্তব্য দিয়াৰ পাছতো চৰকাৰে কিয় ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই বুলি চৰকাৰক প্ৰশ্ন কৰে অসমীয়া যুৱ মঞ্চই । চৰকাৰে প্ৰদীপ দত্ত ৰয়ৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰিলে অসমীয়া যুৱ মঞ্চ‌ই প্ৰদীপ দত্ত ৰয়ৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব বুলি হুংকাৰ দিয়ে সংগঠনটোৰ সভাপতিগৰাকীয়ে ।

লগতে পঢ়ক:Manikpur Protest Demand of Sub District :মাণিকপুৰ উপ জিলা গঠনৰ দাবী,প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.