Protest against price hike:মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ অসমীয়া যুৱ মঞ্চৰ

By ETV Bharat Assamese Team

Published : Sep 6, 2023, 5:28 PM IST

thumbnail

সৰুপথাৰ, ৬ ছেপ্টেম্বৰ: ৰাজ্যত অত্যাৱশ্যকীয় সামগ্ৰীৰ ব্যাপক হাৰত মূল্যবৃদ্ধিৰ বিৰুদ্ধে এইবাৰ জাঙুৰ খাই উঠিছে অসমীয়া যুৱ মঞ্চ । ধনশিৰি মহকুমাৰ বৰপথাৰত অসমীয়া যুৱ মঞ্চৰ ধনশিৰি মহকুমা সমিতিয়ে ব্যাপক হাৰত মূল্যবৃদ্ধিকৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । বৰপথাৰৰ নগৰৰ মাজমজিয়াত সংগঠনটোৱে যোগান মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ প্ৰতিকৃতি দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।

সংগঠনটোৱে ৰাজ্যত জীৱন-দায়িনী ঔষধ,অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ ব্যাপক হাৰত মূল্যবৃদ্ধিক লৈ যোগান মন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰে । প্ৰতিবাদকাৰীসকলে "বিজেপি গ'বেক"," ৰণজিৎ কুমাৰ দাস হায় হায়","অসম চৰকাৰ হুঁচিয়াৰ" আদি চৰকাৰ বিৰোধী শ্লগানেৰে নগৰখনৰ মাজমজিয়াত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।

লগতে পঢ়ক:Load shedding at Barhampur: কাৰেন্ট নায়ায়; আহে হে ! জেনেৰেটৰ ভাড়া কৰি নামঘৰত আশ্ৰয় ৰাইজৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.