আজি ছ্যু-কা-ফা দিৱস, টিংখাঙত কেন্দ্ৰীয়ভাৱে আয়োজন ছ্যু-কা-ফা দিৱস

By ETV Bharat Assamese Team

Published : Dec 2, 2023, 11:09 AM IST

Updated : Dec 2, 2023, 11:44 AM IST

thumbnail

ডিব্ৰুগড়, 2 ডিচেম্বৰ : আজি ছ্যু-কা-ফা দিৱস ৷ সাতৰাজ মাৰি একৰাজ কৰা, বৰ অসমৰ ভেঁটি গঢ়োতা স্বৰ্গদেউ চাওলুং ছ্যুকাফাৰ স্মৰণত আজিৰ দিনটো সমগ্ৰ অসমতে ছ্যু-কা-ফা দিৱস বা অসম দিৱস হিচাপে পালন কৰি আহিছে ৷ সেয়ে আজি টিংখাঙত কেন্দ্ৰীয়ভাৱে আয়োজন কৰা হৈছে অসম দিৱস ৷ ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত টিংখাঙৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আয়োজন কৰা হৈছে এই অনুষ্ঠানৰ ৷

উক্ত কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ আনহাতে, অসম দিৱসৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি থলুৱা উদ্যোগৰ জৰিয়তে অসমৰ বিভিন্ন প্ৰান্তৰৰ বচা বচা উদ্যোগীসকলক লৈ আধুনিক অসম, আত্মনিৰ্ভৰশীল অসম নামেৰে এক প্ৰদৰ্শনী মেলাৰ আয়োজন কৰা হৈছে । এই কথা জানিবলৈ দিছে সাংস্কৃতিক মন্ত্ৰী বিমল বড়াই ৷

লগতো পঢ়ক:মৰাণত টাইপাৰ কেন্দ্ৰীয় ছ্যু-কা-ফা দিৱসত অনুষ্ঠিত হ'ল সদৌ অসম ভিত্তিত দেহশ্ৰী প্ৰতিযোগিতা

Last Updated : Dec 2, 2023, 11:44 AM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.