মৰাণত টাইপাৰ কেন্দ্ৰীয় ছ্যু-কা-ফা দিৱসত অনুষ্ঠিত হ'ল সদৌ অসম ভিত্তিত দেহশ্ৰী প্ৰতিযোগিতা

By ETV Bharat Assamese Team

Published : Dec 1, 2023, 4:59 PM IST

thumbnail

ডিব্ৰুগড়, 1 ডিচেম্বৰ : টাই আহোম যুৱ পৰিষদ, অসম চমুকৈ টাইপাৰ উদ্যোগত মৰাণত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে ছ্যু-কা-ফা দিৱস ৷ মৰাণৰ তিলৈনগৰ গ্ৰাম্যবজাৰ প্ৰাংগণত আয়োজন কৰা এই অনুষ্ঠানৰ লগত সংগতি ৰাখি বৃহস্পতিবাৰে নিশা প্ৰয়াত ভীমকান্ত বৰগোহাঁই আৰু মৌচম গগৈৰ সোঁৱৰণত সদৌ অসম ভিত্তিত এখনি দেহশ্ৰী প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷  

অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাত সদৌ অসম ভিত্তিত অনুষ্ঠিত মিষ্টাৰ চুপাতফা (গদাধৰ সিংহ) খিতাপ লাভ কৰিবলৈ সক্ষম হয় যোৰহাটৰ মনজিৎ বৰাই ৷ মিষ্টাৰ অসম জুনিয়ৰ বঁটা লাভ কৰে হীৰকজ্যোতি শইকীয়াই ৷ আনহাতে বৃহত্তৰ মৰাণ অঞ্চলৰ প্ৰতিযোগীসকলৰ মাজত অনুষ্ঠিত মিষ্টাৰ মৰাণ খিতাপ লাভ কৰে ৰিংকু বৰাই ৷

এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৰাজ্য চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰী বিমল বৰা ৷ শুকুৰবাৰে কেন্দ্ৰীয় ছ্যু-কা-ফা দিৱসৰ দ্বিতীয় দিনাৰ কাৰ্যসূচীত বিনামূলীয়া স্বাস্থ্য শিবিৰৰ লগতে কেইবাটাও প্ৰতিযোগিতা অনুষ্ঠিত হ'ব ৷ অনুষ্ঠানৰ শেষৰ দিনা অৰ্থাৎ 2 ডিচেম্বৰৰ পুৱা বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা অনুষ্ঠিত হ'ব ৷ সেইদিনাই অৰুণাচল প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী চৌনা মিনক চাওল্যুং ছ্যু-কা-ফা বৰ অসম সমন্বয় বঁ‌টা প্ৰদান কৰিব টাইপাই ৷ অনুষ্ঠানটোত প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব ৷ 

লগতে পঢ়ক : নলবাৰীৰ ৰাসত পুতলা ৰাসে মুহিলে সহস্ৰাধিক দৰ্শকক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.