Artificial Flood in Tinsukia: এজাক বৰষুণতে বুৰ গ’ল তিনিচুকীয়া চহৰ, কৃত্ৰিম বানত ককবকাইছে ৰাইজ

By ETV Bharat Assamese Team

Published : Oct 4, 2023, 11:10 AM IST

thumbnail

তিনিচুকীয়া, 4 অক্টোবৰ: এজাক বৰষুণেই উদঙালে বাণিজ্যিক চহৰ তিনিচুকীয়া চহৰৰ উন্নয়নৰ নমুনা ৷ বুধবাৰে হোৱা এজাক বৰষুণতে সমগ্ৰ তিনিচুকীয়া চহৰত সৃষ্টি হ’ল কৃত্ৰিম বানৰ ৷ ৰাজপথত একাঁঠু পৰ্যন্ত কৃত্ৰিম বানৰ লগতে তিনিচুকীয়া অসামৰিক চিকিৎসালয়ৰ চৌহদত এতিয়াও একাঁঠু পৰ্যন্ত হৈয়ে আছে কৃত্ৰিম বান ৷ যাৰ ফলত ৰোগীসকলে ভুগিব লগা হৈছে জমৰ-যতনা ৷ ৰোগীসকলে বিপদসংকুলভাৱে যাব লগা হৈছে চিকিৎসালয়খনলৈ ৷

সমান্তৰালভাৱে নগৰখনৰ বৰদলৈ নগৰ, চলিহানগৰ, ৰঙাগড়া পথ, ন-পুখুৰী পথ, মাকুম পথ, পৰ্বতীয়াকে আদি কৰি সমগ্ৰ তিনিচুকীয়া চহৰৰ পথসমূহত এতিয়া নদ-নদীৰ দৰে পৰিৱেশ ৷ ইফালে তিনিচুকীয়া চহৰত নলা নিৰ্মাণৰ বাবে কোটি কোটি টকা ব্যয় কৰাৰ পাচতো এতিয়া এজাক বৰষুণেই চহৰখনত সৃষ্টি কৰিলে সাগৰ সাদৃশ্য পৰিৱেশ ৷ সেয়ে শীঘ্ৰে স্থায়ী সমাধান কৰিবলৈ চৰকাৰ তথা প্ৰশাসনক আহ্বান জনাইছে ৰাইজে ৷ 

লগতে পঢ়ক:Doom Dooma News: আৱৰ্জনামুক্ত ডুমডুমা চহৰ গঢ়াৰ লক্ষ্য; উদ্বোধন আৱৰ্জনা নিষ্কাষণ আৰু ব্যৱস্থাপনা প্ৰকল্প

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.