Artificial Flood in Assam: এজাক বৰষুণতে বুৰিল যোৰহাটৰ শিক্ষাপ্ৰতিষ্ঠান

By ETV Bharat Assamese Team

Published : Sep 20, 2023, 2:24 PM IST

thumbnail

যোৰহাট, ২০ ছেপ্টেম্বৰ: মঙলবাৰে নিশা অহা এজাক বৰষুণত বুৰিল যোৰহাটৰ বিভিন্ন পথ আৰু শিক্ষা প্ৰতিষ্ঠান । ফলত আজি পুৱা শিক্ষানুষ্ঠানৰ শিক্ষকে সিঁচিবলগীয়া হৈছে বৰষুণ পানী । যোৰহাট নগৰৰ সদা ব্যস্ত তৰুণ ৰাম ফুকন পথৰ ওপৰত একাঁঠু পৰ্যন্ত পানী হোৱাত সাধাৰণ লোকৰ যাতায়াতত সমস্য়াৰ সৃষ্টি হয় । আনহাতে, যোৰহাটৰ বিভিন্ন স্থানত কৃত্ৰিম বানে জ্বলা-কলা খুৱালে ।

যোৰহাটৰ ঐতিহ্যমণ্ডিত যোৰহাট পলিটেকনিক নামৰ শিক্ষা প্ৰতিষ্ঠানখনৰ বাহিৰে ভিতৰে একাঁঠু পৰ্যন্ত পানী উঠে । ফলত উপায়ন্তৰ হৈ  শিক্ষানুষ্ঠানখনৰ শিক্ষাগুৰু সকলে পাঠদান কাৰ্যসূচী এৰি হাতে হাতে বাল্টি, মগ লৈ পানী সিঁচাত ব্যস্ত হৈ পৰে ।

ইয়াৰ মাজতেই উক্ত শিক্ষানুষ্ঠানখনৰ শিক্ষক-শিক্ষয়ত্ৰী সকলে ছাত্র-ছাত্ৰীসকলক পাঠদান কাৰ্যসূচীত ব্যস্ত হয় । উল্লেখ্য যে, উক্ত শিক্ষা প্ৰতিষ্ঠানখনৰ লগতে বিভিন্ন চৰকাৰী প্ৰতিষ্ঠানতো নিশা অহা বৰষুণ জাকে ত্ৰাহি মধুসূদন দেখুৱালে কৰ্মচাৰী সকলক । দূৰ্বল আন্তঃগাঁথনি আৰু নলা নিৰ্মাণত বিসংগতি থকা বাবে ৰাইজে এজাক বৰষুণতেই দুৰ্ভোগ ভুগিবলগীয়া হয় ।

লগতে পঢ়ক: Lat Mandal arrested in Assam: লখিমপুৰত মাটি ম্যাদীৰ নামত ১ লাখ টকা লৈ গ্ৰেপ্তাৰ লাট মণ্ডল

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.