ETV Bharat / state

Lat Mandal arrested in Assam: লখিমপুৰত মাটি ম্যাদীৰ নামত ১ লাখ টকা লৈ গ্ৰেপ্তাৰ লাট মণ্ডল

author img

By ETV Bharat Assamese Team

Published : Sep 20, 2023, 12:41 PM IST

দৰমহাৰ টকাৰে খক নমৰে একাংশ চৰকাৰী কৰ্মচাৰীৰ । সোঁৱে-বাওঁৱে ধন ঘটাৰ প্ৰতিযোগিতাত নামিছে একাংশ খকুৱা কৰ্মচাৰী । মাটি ম্যাদীৰ নামত টকা লৈ লখিমপুৰত আৰক্ষীৰ জালত পৰিছে এজন মণ্ডল ।

lat mandal arrested in lakhimpur
লখিমপুৰত আৰক্ষীৰ জালত মণ্ডল

লখিমপুৰ, ২০ ছেপ্টেম্বৰ: বিগত সময়ত দুৰ্নীতিমুক্ত অসম গঢ়াৰ লক্ষ্যৰে ৰাজ্যত দুৰ্নীতিৰ বিৰুদ্ধে অব্যাহত আছে দুৰ্নীতি নিবাৰক শাখাৰ তীব্ৰ অভিযান ৷ চৰকাৰৰ কঠোৰ সকীয়নিৰ পিচতো একাংশ চৰকাৰী বিষয়া-কৰ্মচাৰীৰ গা-লৰা নাই । দুৰ্নীতি নিবাৰক শাখাৰ এই অভিযানত ইজনৰ পিচত সিজন গ্ৰেপ্তাৰ হৈছে দুৰ্নীতিগ্ৰস্ত চৰকাৰী বিষয়া-কৰ্মচাৰী ৷ একাংশ বিষয়া-কৰ্মচাৰীয়ে সলনি কৰিব পৰা নাই নিজৰ ঘোচখোৰ স্বভাৱ ৷ ৰাজ্যজুৰি দুৰ্নীতিৰ বিৰুদ্ধে অভিযান চলাই থকাৰ সময়তে এইবাৰ খমিপুৰত টকা ঘোচ খোৱা লাট মণ্ডল পৰিছে জালত ।

লখিমপুৰত এইবাৰ মণ্ডল পৰিল আৰক্ষীৰ জালত । এজন লোকৰ পৰা ঘোচ লৈ গ্ৰেপ্তাৰ হৈছে লাট মণ্ডলজন । লখিমপুৰ ৰাজহ চক্ৰৰ তিনিকোণীয়াৰ লাট মণ্ডল হেমেন্দ্র নাথ শৰ্মাক ঘোচ লোৱাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে । লখিমপুৰ ৰাজহ চক্ৰৰ তিনিকোণীয়াৰ লাট মণ্ডল হেমেন্দ্র নাথ শৰ্মাই মাটি ম্যাদী পঞ্জীয়নৰ নামত এজন লোকৰ পৰা দাবী কৰিছিল ১ লাখ টকা । মঙলবাৰে গুগল পে'ৰ জৰিয়তে মণ্ডলজনে লৈছিল ৫০ হেজাৰ টকা । বাকী থকা ৫০ হেজাৰ ল'বলৈ গৈ আৰক্ষীৰ জালত পৰিল মণ্ডলজন ।

লগতে পঢ়ক:Women's Reservation Bill: নাৰী শক্তি বন্দন অধিনিয়ম সন্দৰ্ভত বাওঁপন্থী নেত্ৰী অসমী গগৈৰ আছুতীয়া সাক্ষাৎকাৰ

সম্প্ৰতি উত্তৰ লখিমপুৰ সদৰ আৰক্ষীৰ জিম্মাত লখিমপুৰ ৰাজহ চক্ৰৰ তিনিকোণীয়াৰ লাট মণ্ডল হেমেন্দ্র নাথ শৰ্মাক সোধা-পোচা কৰি আছে । ইতিমধ্য়ে তেওঁৰ বিৰুদ্ধে লখিমপুৰ সদৰ থানাত ৩৪০/২০২৩ নম্বৰত আৰু ৩৮৪ ধাৰাৰ উপৰি পিচি আইনৰ ৭/৭এ/৮/ ধাৰা মতে গ্ৰেপ্তাৰ কৰা হৈছে ।

উল্লেখ্য যে, ৰাজ্যৰ বিভিন্ন জিলাত ঘোচ লৈ প্ৰায়েই হাত দাঙি আছে একাংশ ঘোচখোৰ কৰ্মচাৰীয়ে । কিন্তু ইমানৰ পাছতো অলপো ভয় কৰা নাই বা টকাৰ লোভ সামৰিব পৰা নাই একাংশ কৰ্মচাৰীয়ে । যাৰ বাবে তেওঁলোক ৰঙাঘৰৰ আলহী হ'বলগীয়া হৈছে ।

লগতে পঢ়ক:Muslim Jatiya Parishad: আমছুয়ে বিজেপি চৰকাৰৰ এজেন্ট হিচাপে কাম কৰা অভিযোগ মুছলিম জাতীয় পৰিষদৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.