Biman Roy arrest update: চাৰি দিনৰ বাবে আৰক্ষীৰ ন্যায়িক জিম্মাত প্ৰাক্তন OC বিমান ৰয়

By

Published : Jul 7, 2023, 4:35 PM IST

Updated : Jul 7, 2023, 6:29 PM IST

thumbnail

নলবাৰী,7 জুলাই: বৃহস্পতিবাৰে গ্ৰেপ্তাৰ হোৱা ঘগ্ৰাপাৰ নাৰী নিৰ্যাতন কাণ্ডৰ খলনায়ক প্ৰাক্তন OC বিমান ৰয়ক শুকুৰবাৰে হাজিৰ কৰোৱা হৈছিল নলবাৰী অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতত ৷ ইফালে নলবাৰী আৰক্ষীয়ে বিমান ৰয়ক ৫ দিনৰ ন্যায়িক জিম্মাত বিচৰিছিল ৷ আদালতে চাৰিদিনৰ বাবে আৰক্ষীৰ জিম্মাত দিয়ে প্ৰাক্তন OC বিমান ৰয়ক ৷ বৃহস্পতিবাৰে প্ৰথমে গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ পৰা পোনে পোনে আৰক্ষীয়ে বিমান ৰয়ক নলবাৰী থানালৈ লৈ যায় ৷ আজি আদালতত হাজিৰ কৰোৱাৰ পূৰ্বে ৰয়ক স্বাস্থ্য পৰীক্ষাৰ বাবে নলবাৰী চিকিৎসালয়লৈ নিয়া হয় ৷ 

বৃহস্পতিবাৰে গুৱাহাটীৰ সমীপৰ পানীখাইতি ৰে’ল ষ্টেচনত অচেতন অৱস্থাত ৰে’ল আৰক্ষীয়ে আটক কৰিছিল লম্পট বিমানক । বিমানক আটক কৰি স্বাস্থ্য পৰীক্ষাৰ বাবে ৰখা হৈছিল জি এম চি এইছত। বৃহস্পতিবাৰে আৰক্ষীয়ে GMCH ৰ পৰাই আটক কৰিছিল বিমানক ৰয়ক ৷ 

আনহাতে ঘগ্ৰাপাৰ আৰক্ষী থানাত এগৰাকী কিশোৰীক উলংগ কৰি ফটো উঠোৱা আৰক্ষীৰ খাকী পোচাকত কংলকৰ দাগ লগাইছিল লম্পট বিমান ৰয়ে ৷ ঘটনা সংঘটিত কৰিয়ে পলাতক আছিল বিমান ৰয় ৷ বৃহস্পতিবাৰে গুৱাহাটীৰ সমীপৰ পানীখাইতি ৰে’ল ষ্টেচনত অচেতন অৱস্থাতত ৰয়ক উদ্ধাৰ পাছতে প্ৰশ্ন উঠিছে OC ৰয়ক কোনোবাই হত্যাৰ চেষ্টা কৰিছিল নে তেওঁ আত্মহত্যাৰ চেষ্টা কৰিছিল ৷ সেয়া অৱশ্যে আৰক্ষীৰ তদন্তৰ পিচতহে পোহৰলৈ আহিব ৷ 

লগতে পঢ়ক:Biman Roy arrested : গ্ৰেপ্তাৰ হোৱা বিমান ৰয়ক লৈ নলবাৰীলৈ যাত্ৰা আৰক্ষীৰ

Last Updated : Jul 7, 2023, 6:29 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.