Food poisoning in Dhemaji: জন্মাষ্টমীৰ প্ৰসাদত বিষক্ৰিয়া হৈ ধেমাজি অসামৰিক চিকিৎসালয়ত শিশুসহ চিকিৎসাধীন ২৪

By ETV Bharat Assamese Team

Published : Sep 7, 2023, 7:12 PM IST

thumbnail

ধেমাজি, ৭ ছেপ্টেম্বৰ: জন্মাষ্টমীৰ মাহ প্ৰসাদ খাই বৃহস্পতিবাৰে পুৱা ধেমাজি অসামৰিক চিকিৎসালয়ত ২৪ জনকৈ লোক চিকিৎসাধীন হ’বলগীয়া হয় ৷ ধেমাজি সদৰ আৰক্ষী থানাৰ অন্তৰ্গত দক্ষিণ ধেমাজিত মাহ প্ৰসাদত খাই বিষক্ৰিয়া হৈ চিকিৎসাধীন হয় লোককেইজন ৷ চিকিৎসাধীন লোকসকলৰ ১৫ গৰাকী প্ৰাপ্তবয়স্ক আৰু ৯ গৰাকী শিশু বুলি ধেমাজি অসামৰিক চিকিৎসালয় কৰ্তৃপক্ষই জানিবলৈ দিয়ে ৷

উল্লেখ্য যে, ধেমাজি সদৰ আৰক্ষী থানাৰ অন্তৰ্গত দক্ষিণ ধেমাজিত বুধবাৰে নিশা আয়োজন কৰা হৈছিল জন্মাষ্টমীৰ ৷ এই জন্মাষ্টমীৰ মাহ প্ৰসাদ খোৱাৰ পাচত শলিকুচি কোঁচ, চান্দনি, শলিকুছি অয়েঙীয়া আৰু আমগুৰিৰ কেইবাজনো লোকে পেটৰ অসুখ, বমি আৰু প্ৰচণ্ড মূৰ বিষ ভোগে ৷ ইয়াৰ পাচতেই আজি ধেমাজি অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হয় ৷

ইফালে মাহ প্ৰসাদত বিষক্ৰিয়া হোৱাৰ কথা জানিব পাৰি ধেমাজি অসামৰিক চিকিৎসালয়ৰ কৰ্তৃপক্ষই সাম্ভাব্য পৰিস্থিতিৰ কথা বিবেচনা কৰি চিকিৎসকলৰ এটা দল উক্ত গাঁওকেইখনলৈ প্ৰেৰণ কৰে ৷ চিকিৎসালয় কৰ্তৃপক্ষই জৰুৰীকালীন পৰিস্থিতিৰ কথা বিবেচনা কৰে উক্ত স্থানত এম্বুলেন্সো মজুত কৰিছে ৷

লগতে পঢ়ক: Food poisoning in Bordumsa:বৰডুমচা অঞ্চলত নামঘৰৰ প্ৰসাদত বিষক্ৰিয়া হৈ অসুস্থ শতাধিক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.