Women's reservation Bill : ‘‘নাৰী শক্তি বন্দন অধিনিয়ম’’ক মহিলাৰ মাজত বিক্ৰী কৰিছে সদাগৰে; মীৰা বৰঠাকুৰ

By ETV Bharat Assamese Team

Published : Sep 21, 2023, 7:32 AM IST

thumbnail

গুৱাহাটী, 21 ছেপ্টেম্বৰ : বহু চৰ্চিত ‘‘মহিলা সংৰক্ষণ বিধেয়ক’’ বা ‘‘নাৰী শক্তি বন্দন অধিনিয়ম’’ লোকসভাত উত্থাপন তথা গৃহত হোৱাৰ পাচতে ৰাজনৈতিক দলসমূৰ নেতাৰ প্ৰতিক্ৰিয়া অব্যাহত আছে ৷ বুধবাৰে লোকসভাত মহিলাৰ সংৰক্ষণ বিধেয়ক গৃহত হোৱাৰ পাচত নিৰ্বাচনত চমক দিবলৈহে লোকসভাত উত্থাপন কৰা হৈছিল বুলি কেন্দ্ৰীয় চৰকাৰক সমালোচনা কৰে প্ৰদেশ কংগ্ৰেছৰ নেত্ৰী মীৰা বৰঠাকুৰে ৷  

তেওঁ কয়, ‘‘বিধেয়কখনকলৈ উৎফুল্লিত হোৱাৰ কোনো কাৰণ নাই  ৷ নিৰ্বাচনত মহিলাৰ বাবে 33 শতাংশ সংৰক্ষণক লৈ আনন্দৰ হোৱাৰ প্ৰয়োজন নাই । এইটো হৈছে নিৰ্বাচনী জুমলা  ৷ সপোন বিক্ৰী কৰা সদাগৰে মহিলাসকলক নতুন সপোন বিক্ৰী কৰিছে । ইয়াত মহিলাসকল উৎফুল্লিত হোৱাৰ কাৰণ নাই ।’’

তেওঁ লগতে কয়, ‘‘মোদী চৰকাৰে বিশেষ অধিৱেশনত এই বিধেয়কখন আনি এনেকুৱা বাতাবৰণ দিব বিছাৰিছে যে ইমান বছৰে কৰিব নোৱাৰা কাম মোদী চৰকাৰে কৰিছে । এইটো অবাঞ্চিত কথা । ইমান আন্তৰিকতা আছিলে যদি নিৰ্বাচনলৈ কেইদিমান থকাৰ সময়ত বিধেয়কখন কিয় আনিলে । এই বিধেয়খন 2024 ৰ পৰিৱৰ্তে 2029ৰ আগতে কাৰ্যকৰী নহয় । বিধেয়কখন কাৰ্যকৰী হ’বলৈ আন্তৰিকতা নাই মোদী চৰকাৰৰ ।’’

লগতে পঢ়ক:Women's Reservation Bill: মহিলা সংৰক্ষণ বিধেয়কখন ‘নিৰ্বাচনী জুমলা’ আৰু ‘নাৰীক অপমান’ বুলি উল্লেখ সাংসদ আব্দুল খালেকৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.