ETV Bharat / bharat

Women's Reservation Bill: মহিলা সংৰক্ষণ বিধেয়কখন ‘নিৰ্বাচনী জুমলা’ আৰু ‘নাৰীক অপমান’ বুলি উল্লেখ সাংসদ আব্দুল খালেকৰ

author img

By ETV Bharat Assamese Team

Published : Sep 20, 2023, 9:58 PM IST

Women's Reservation Bill
মহিলা সংৰক্ষণ বিধেয়কখন ‘নিৰ্বাচনী জুমলা’ আৰু ‘নাৰীক অপমান’ বুলি উল্লেখ সাংসদ আব্দুল খালেকৰ

বিজেপি চৰকাৰে লোকসভাত উত্থাপন কৰা ‘নাৰী শক্তি বন্দন অধিনিয়ম বিধেয়ক’খন সম্পূৰ্ণ ‘প্ৰতাৰণামূলক’ বুলি উল্লেখ কৰি ইয়াৰ দ্বাৰা 'নাৰী শক্তি'ক অপমান কৰা হৈছে বুলি উল্লেখ সাংসদ আব্দুল খালেকৰ ৷ ইটিভি ভাৰতৰ সাংবাদিক চন্দ্ৰকলা চৌধুৰীৰ সৈতে বাৰ্তালাপ এই কথা ব্যক্ত সাংসদগৰাকীৰ ।

নিউজ ডেস্ক, ২০ ছেপ্টেম্বৰ: কংগ্ৰেছৰ লোকসভাৰ সাংসদ আব্দুল খালেকে বুধবাৰে মহিলা সংৰক্ষণ বিধেয়কক ‘নিৰ্বাচনী জুমলা’ আৰু ‘ভাৰতীয় মহিলা আৰু যুৱতীৰ বাবে ডাঙৰ অপমান’ বুলি মন্তব্য কৰে । ইটিভি ভাৰতৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত সাংসদ খালেকে কয়, "আমি সদায় মহিলা সংৰক্ষণ বিধেয়কৰ পক্ষত আছিলো । ইউপিএ চৰকাৰৰ সময়ত ছোনিয়া গান্ধীৰ নেতৃত্বত ৰাজ্যসভাত বিধেয়কখন গৃহীত হৈছিল যদিও লোকসভাত গৃহীত হ'ব পৰা নাছিল কাৰণ তেতিয়া মিত্ৰজোঁটৰ চৰকাৰ থকাৰ বাবে এই সন্দৰ্ভত মত বিৰোধ আছিল ।"

তেওঁ লগতে কয় যে, এতিয়া ইমান বছৰৰ মূৰত যেতিয়া ভাৰতৰ মহিলাসকলে সংৰক্ষণৰ ওপৰত আশা কৰি আছে, তেতিয়া বিজেপি চৰকাৰে লোকসভাত ‘নাৰী শক্তি বন্দন অধিনিয়ম বিল’ উত্থাপন কৰিছে, যিটো সম্পূৰ্ণ ‘প্ৰতাৰণামূলক’ । সাংসদ খালেকে লগতে কয় যে, বিধেয়কখনত স্পষ্টকৈ উল্লেখ কৰা হৈছে যে এই আইনখন পৰৱৰ্তী সীমা নিৰ্ধাৰণৰ পিচত কাৰ্যকৰী হ'ব, যিটো ২০২৬ চনৰ পিচত হ'বলগীয়া প্ৰথম লোকপিয়লৰ পিচত হ'ব পাৰে, যিটো 'নিৰ্বাচনী জুমলা'ৰ বাহিৰে আন একো নহয় । চৰকাৰে প্ৰতাৰণা কৰিছে আৰু ই বিভ্ৰান্তিকৰ ।"

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই কাৰ্যৰ দ্বাৰা আমাৰ মহিলা 'নাৰী শক্তি'ক অপমান কৰিছে আৰু তেওঁ আগন্তুক নিৰ্বাচনত ইয়াৰ ফল ভোগ কৰিব লাগিব ৷ কংগ্ৰেছৰ সাংসদ খালেকে কয় । উল্লেখ্য যে, ‘নাৰী শক্তি বন্দন অধিনিয়ম’ শীৰ্ষক বহু প্ৰত্যাশিত মহিলা সংৰক্ষণ বিধেয়কখন মঙলবাৰে সংসদৰ বিশেষ অধিৱেশনৰ সময়ত নতুন সংসদৰ নিম্ন সদনত উত্থাপন কৰা হয় । এই বিধেয়কখনত লোকসভা আৰু ৰাজ্যিক বিধানসভাত মহিলাৰ বাবে ৩৩ শতাংশ সংৰক্ষণৰ প্ৰস্তাৱ দিয়া হৈছে ।

বিশেষ অধিৱেশনৰ দ্বিতীয় দিনা কেন্দ্ৰীয় আইন মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে নতুন সংসদ ভৱনৰ লোকসভাত এই বিধেয়কখন উত্থাপন কৰে আৰু লোকসভাত এই বিধেয়কখন গৃহীত হয় । লোকসভাৰ ৪৫৪ জন সাংসদে বিধেয়কখনৰ সপক্ষে আৰু ২ জন সাংসদে এই বিধেয়কখনৰ বিৰুদ্ধে ভোটদান কৰে ৷ কিন্তু বিধেয়কখন আইনত পৰিণত হোৱাৰ পিচত সমষ্টিসমূহৰ প্ৰথম সীমা নিৰ্ধাৰণ বা পুনৰ অংকন কৰাৰ পিছতহে কোটা কাৰ্যকৰী কৰিব পাৰিব । ২০২৬ চনৰ পিচত হ’বলগীয়া পৰৱৰ্তী লোকপিয়লৰ পিচতহে সমষ্টিসমূহ পুনৰ অংকন কৰা হ’ব ।

লগতে পঢ়ক: Lok Sabha passes Women's Reservation Bill: লোকসভাত গৃহীত মহিলা সংৰক্ষণ বিধেয়ক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.