Amrit Kalash Yatra: সৰুপথাৰৰ ৰতনপুৰত অমৃত কলহ যাত্ৰা

By ETV Bharat Assamese Team

Published : Sep 25, 2023, 8:30 PM IST

thumbnail

সৰুপথাৰ, 25 ছেপ্টেম্বৰ : সমগ্ৰ দেশৰ লগতে সৰুপথাৰ সমষ্টিতো আৰম্ভ হৈছে অমৃত কলহ যাত্ৰা । সমষ্টিটোৰ ৰতনপুৰ গাঁও পঞ্চায়তৰ ১০ৰো অধিক আত্মসহায়ক গোটৰ শ শ মহিলাৰ সহযোগত এক আনন্দ মুখৰ পৰিৱেশত আৰম্ভ হৈছে অমৃত কলহ যাত্ৰা । দেশৰ স্বাধীনতা সংগ্ৰামত প্ৰাণ আহুতি দিয়া শ্বহীদসকলৰ স্মৃতি উদ্যান নিৰ্মাণৰ বাবে আৰম্ভ কৰা "মোৰ দেশ মোৰ মাটি" অভিযানত সঁহাৰি জনাইছে সৰুপথাৰৰ বিভিন্ন প্ৰান্তৰ জনতাই ।

এক আনন্দ মুখৰ পৰিৱেশত মহিলাসকলে ঘৰে ঘৰে মাটি সংগ্ৰহ কৰি সোমবাৰৰ পৰা আৰম্ভ কৰিছে অমৃত কলহ যাত্ৰা । সৰুপথাৰ সমষ্টিৰ অন্তৰ্গত ৰতনপুৰ গাঁও পঞ্চায়তৰ ৬ নং ৱাৰ্ডত সোমবাৰে এক উৎসৱ মুখৰ পৰিৱেশত মহিলাসকলে ঘৰে ঘৰে গৈ মাটি সংগ্ৰহ কৰি অমৃত কলহ যাত্ৰাৰ শুভাৰম্ভ কৰে । উক্ত অনুষ্ঠানত উপস্থিত থাকে ৰতনপুৰ গাঁও পঞ্চায়তৰ সভাপতি ৰিতুমনি শইকীয়াৰ লগতে ভালে সংখ্যক BJP দলৰ কৰ্মী আৰু স্থানীয় ৰাইজ ।

লগতে পঢ়ক : Amrit Kalash Yatra : বিশাল সমদলেৰে জোনাইত অমৃত কলহ যাত্ৰা কাৰ্যসূচী; বিধায়ক ভূবন পেগুৰ অংশগ্ৰহণ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.