Amrit Brikshya Andolan: শিৱসাগৰত অমৃত বৃক্ষ আন্দোলনৰ শুভাৰম্ভ কৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে

By ETV Bharat Assamese Team

Published : Sep 17, 2023, 1:40 PM IST

thumbnail

শিৱসাগৰ, ১৭ ছেপ্টেম্বৰ: অমৃত বৃক্ষ আন্দোলনৰ আজি অন্তিম দিন । অন্তিম দিনা অন্যান্য প্ৰান্তৰ লগতে শিৱসাগৰতো 'অমৃত বৃক্ষ আন্দোলন'ৰ অংশস্বৰূপে ৰোপণ কৰা হৈছে গছপুলি । শিৱসাগৰ আৱৰ্ত ভৱনৰ চৌহদৰ পৰা আৰম্ভ কৰা হৈছে এই কাৰ্যসূচী । শিৱসাগৰ আৱৰ্ত ভৱনৰ চৌহদত পুৱাই গছপুলি ৰোপণেৰে অমৃত বৃক্ষ আন্দোলনৰ শুভাৰম্ভ কৰে বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ।  

শিৱসাগৰৰ জিলাত এদিনতে ৩ লাখ ৪৫ হেজাৰ গছপুলি ৰোপণৰ লক্ষ্য লৈ আৰম্ভ কৰে এই কাৰ্যসূচী । জিলাখনৰ ৮২ খন পঞ্চায়ত এলেকাতো ৰূপায়ণ কৰা হৈছে অমৃত বৃক্ষ আন্দোলন । জিলাখনৰ গেলেকীত ৩৫ চেকেণ্ডত ১৫০০ গছ পুলি ৰোপণ কৰি আন এক সুকীয়া অভিলেখ গঢ়াৰো প্ৰয়াস কৰিছে । এতিয়ালৈকে গছ পুলি ৰোপণৰ ক্ষেত্ৰত ৫ টাৰো অধিক শিতানত ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছে আৰু এই সংখ্যা ৭ টালৈ বৃদ্ধি পাব বুলি আশা প্ৰকাশ কৰে চন্দ্ৰমোহন পাটোৱাৰীয়ে । ৰোপণ কৰা গছপুলিসমূহ যাতে জীয়াই থাকে তাৰ বাবে বিশেষ পদক্ষেপ লোৱা বুলিও মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ।  

লগতে পঢ়ক: J&K Encounter: ভাৰতীয় সেনাৰ গুলীত নিহত তিনি পাক অনুপ্ৰৱেশকাৰী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.