Amrit Brikshya Abhiyan : গছপুলিসমূহ প্ৰতিপাল কৰিবলৈ আহ্বান সাংসদ প্ৰদান বৰুৱাৰ

By ETV Bharat Assamese Team

Published : Sep 17, 2023, 2:06 PM IST

thumbnail

ধেমাজি, 17 ছেপ্টেম্বৰ: সমগ্ৰ ৰাজ্যৰ লগতে ধেমাজিতো দেওবাৰে পালন কৰা হয় অমৃত বৃক্ষ আন্দোলন কাৰ্যসূচী ৷ অমৃত বৃক্ষ আন্দোলনৰ অংশ হিচাপে ধেমাজিৰ বিভিন্ন চৰকাৰী বিভাগ আৰু শিক্ষানুষ্ঠানৰ উদ্যোগত পুৱাৰে পৰা গছপুলি ৰোপণ কৰা হয় ৷ ধেমাজি মহাবিদ্যালয়ৰ খেলপথাৰত গছপুলি ৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে লক্ষীমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাই ৷

মহাবিদ্যালয়খনৰ 100 গৰাকী অনুষ্ঠানটোত অংশগ্ৰহণ কৰি মহাবিদ্যালয় চৌহদত গছপুলি ৰোপণ কৰে ৷ গছপুলিসমূহ সংৰক্ষণ কৰি প্ৰতিপালন কৰিবলৈ সকলোকে আহ্বান জনায় সাংসদগৰাকীয়ে । পঞ্জীয়নৰ জৰিয়তে গছপুলি ৰোপণ কৰাৰ বাবে পূৰ্বৰ তুলনাত এইবেলি সৰহ সংখ্যক গছপুলিয়ে জীৱিত হৈ থাকি ধৰণী ধুনীয়া কৰিব বুলি আশা প্ৰকাশ কৰে সাংসদগৰাকীয়ে । 

উল্লেখ্য যে, এই বৃক্ষ আন্দোলন কাৰ্যসূচীত ৰাজ্য চৰকাৰে ব্যয় কৰিব তিনিশ কোটি টকা ।

লগতে পঢ়ক: Amrit Brikhshya Andolan: 1 কোটি গছপুলি ৰোপনৰ লক্ষ্যৰে আজিৰে পৰা ৰাজ্যত ‘‘অমৃত বৃক্ষ আন্দোলন’’

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.