ETV Bharat / state

Amrit Brikhshya Andolan: 1 কোটি গছপুলি ৰোপনৰ লক্ষ্যৰে আজিৰে পৰা ৰাজ্যত ‘‘অমৃত বৃক্ষ আন্দোলন’’

author img

By ETV Bharat Assamese Team

Published : Sep 17, 2023, 12:25 PM IST

Updated : Sep 17, 2023, 1:22 PM IST

আজিৰ পৰা ৰাজ্যত আৰম্ভ হৈছে ‘‘অমৃত বৃক্ষ আন্দোলন’’ ৷ দেওবাৰে পুৱা জনতা ভৱনৰ পৰা অমৃত বৃক্ষ আন্দোলনৰ শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷

Amrit Brikhshy Andolan
1 কোটি গছপুলি ৰোপনৰ লক্ষ্যৰে আজিৰ পৰা অমৃত বৃক্ষ আন্দোলন

1 কোটি গছপুলি ৰোপনৰ লক্ষ্যৰে আজিৰ পৰা অমৃত বৃক্ষ আন্দোলন

গুৱাহাটী, 17 ছেপ্টেম্বৰ: আজিৰে পৰা 20 ছেপ্টেম্বৰ নিশা 12 বজালৈ অমৃত বৃক্ষ আন্দোলনৰ বিশেষ কার্যসূচী আৰম্ভ হৈছে । অমৃত বৃক্ষ আন্দোলনৰ জৰিয়তে 1 কোটি গছ পুলি ৰোপনেৰে অভিলেখ সৃষ্টিৰ লক্ষ্য ৰাজ্য চৰকাৰৰ । সেই উদ্দেশে দেওবাৰে পুৱা জনতা ভৱনত মুখ্যমন্ত্ৰীয়ে শুভাৰম্ভ কৰে ‘‘অমৃত বৃক্ষ আন্দোলন’’ৰ । পৰিৱেশ আৰু বন বিভাগৰ প্ৰচেষ্টাত অনুষ্ঠিত এই ‘‘অমৃত বৃক্ষ আন্দোলন’’ৰ কাৰ্যসূচীত উপস্থিত থাকে বিভাগীয় মন্ত্ৰী আৰু প্ৰশাসনীয় বিষয়াসকল ।

  • Assam creates history!

    Today I joined the #AmritBrikshya Jan Andolan to plant 1 cr saplings, a citizen-led movement to build a tree economy, a clean environment and celebrate the birthday of a true champion of the Green Planet - Adarniya Shri Narendra Modi ji. @narendramodi pic.twitter.com/EmfMRd7YVv

    — Himanta Biswa Sarma (@himantabiswa) September 17, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

অমৃত বৃক্ষ আন্দোলনৰ শুভাৰম্ভ পিচতেই সংবাদমেল সম্বোধন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । সংবাদমেল যোগে বহু কেইটাও পদক্ষেপৰ লোৱাৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে । সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয়, ‘‘আজি আমাৰ বাবে গৌৰৱৰ দিন । বৃক্ষ ৰোপনেৰে এটা বিশ্ব অভিলেখ কৰাৰ প্ৰচেষ্টা আজি আমি আৰম্ভ কৰিছোঁ । এই প্ৰচেষ্টা ইতিমধ্যে ৰাজ্যৰ বিভিন্ন অঞ্চলত আৰম্ভ হৈছে । এই প্ৰচেষ্টা যদিও আজি আমি চূড়ান্ত ৰূপ দিছোঁ তথাপিও, যোৱা ৯ ছেপ্টেম্বৰৰ পৰাই দৰাচলতে অমৃত বৃক্ষ অভিযান আৰম্ভ হৈছিল । আজি অমৃত বৃক্ষ আন্দোলন সমাপ্ত হৈছে । এই সময়চোৱাই আমি কেইটামান বিশ্ব অভিলেখ গঢ়াৰ সৃষ্টি কৰিছিলো । যাৰ জৰিয়তে সমগ্র বিশ্বতে বৃক্ষ ৰোপনৰ এক আন্দোলনৰ সৃষ্টি কৰাৰ প্ৰয়াস কৰিছো ।’’

তেওঁ পুনৰ কয় যে, ‘‘9 ছেপ্টেম্বৰ তাৰিখে আমি 22 কিলোমিটাৰ দীঘলকৈ গছ ৰাখিছিলোঁ । 10 ছেপ্টেম্বৰ তাৰিখে 3 লাখ 22 হাজাৰ 444 গছ পুলি আমি একেইটা ঠাই পৰাই বিতৰণ কৰিলোঁ । এই সমগ্র ব্যৱস্থাত 4 হাজাৰ আত্মসহায়ক গোটৰ মহিলা, 3 হাজাৰ ছাত্ৰ-ছাত্ৰী, 100 প্ৰতিৰক্ষা বাহিনী, 3 হাজাৰ গুৱাহাটীৰ ৰাইজ আৰু 10 হাজাৰ ব্যক্তি খানাপাৰাত সমবেত হৈ এই গছ পুলি লৈ গৈছিল । 11 ছেপ্টেম্বৰ তাৰিখে বন বিভাগে বৃক্ষ ৰোপণ ক্ষেত্ৰত আমি লোৱা অনলাইন ক্লাছত 3 হাজাৰ লোকে অংশগ্ৰহণ কৰিছে ।’’

‘‘ওদালগুৰিৰ ভৈৰৱ কুণ্ডত 24 ঘণ্টাত 8.41 লাখ ৰোপন কৰিলোঁ । ইফালে নাহৰকটীয়াত এটা দলে এক ঘন্টাত 3.31 লাখ গছ পুলি ৰোপন কৰিছে । 4161 গৰাকী লোকে এই গছ পুলি ৰোপনত অংশগ্ৰহণ কৰিছিল । এই আন্দোলনত অসমৰ প্ৰায় 70 লাখ লোক এই প্ৰচেষ্টা সৈতে জড়িত হ'ব । ৰাইজৰ উৎসাহ দেখি আমি নিশ্চিত যে, আমি বিশ্ব ৰেকৰ্ড কৰিম । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাৰ এই প্ৰচেষ্টাক শলাগ লৈছে । আজিৰে পৰা আমি অনলাইনত বৃক্ষ ৰোপণৰ সংকল্প লোৱা কামো আৰম্ভ কৰিছোঁ ।’’ বুলি সংবাদমেলত উল্লেখ কৰে ড৹ শৰ্মাই ৷

লগতে পঢ়ক: Climate Change in Assam : জলবায়ু পৰিৱৰ্তনৰ কৱলত অসম; বিধানসভাত উদ্বেকজনক তথ্য

Last Updated :Sep 17, 2023, 1:22 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.