Inter District Chess Championship: লখিমপুৰত তিনিদিনীয়াকৈ আৰম্ভ সদৌ অসম আন্তঃজিলা দবা প্ৰতিযোগিতা

By ETV Bharat Assamese Team

Published : Sep 3, 2023, 4:38 PM IST

thumbnail

লখিমপুৰ ৩ ছেপ্টেম্বৰ: লখিমপুৰ বালিকা মহাবিদ্যালয়ত দেওবাৰৰ পৰা তিনিদিনীয়াকৈ আৰম্ভ হৈছে ৪৬ সংখ্যক সদৌ অসম আন্তঃজিলা দবা প্ৰতিযোগিতা । এই প্ৰতিযোগিতাত ৯ বছৰ আৰু ১৩ বছৰ অনুৰ্ধ প্ৰতিযোগিৰ বাবে মুকলি কৰা হৈছে । প্ৰতিযোগিতাত ৰাজ্যৰ ২০ খন জিলাৰ কেইবাশ খেলুৱৈয়ে অংশগ্রহণ কৰে । উদ্বোধনী অনুষ্ঠানত লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা, লখিমপুৰ সমষ্টিৰ বিধায়ক মানৱ ডেকা, লখিমপুৰ বালিকা মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ সুৰজিত ভূঞাসহ ভালেকেইজন বিশিষ্ট ব্যক্তিয়ে অংশগ্রহণ কৰি খেলুৱৈসকলক শুভেচ্ছা জনায় ৷ 

অনুষ্ঠানটোত ভাষণ দি বিধায়ক মানৱ ডেকাই বৰ্তমানৰ চৰকাৰে প্ৰতিখন গাঁৱৰ পৰা ৰাজ্যিক পৰ্যায়লৈকে ক্ৰীড়াৰ ক্ষেত্ৰত মহোৎসৱ গঢ়িব খুজিছে বুলি উল্লেখ কৰে । জিলা সদৰসমূহত এখনকৈ ষ্টেডিয়াম নিৰ্মাণ কৰাৰ কথা ব্যক্ত কৰি তেওঁ লখিমপুৰত ইতিমধ্যে ১৫০ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰি থকা ষ্টেডিয়ামটো নিৰ্মাণৰ কাম অচিৰেই সম্পূৰ্ণ হ’ব বুলি জানিবলৈ দিয়ে । লখিমপুৰত দবা খেল অনুশীলনৰ বাবে এটা অত্যাধুনিক প্ৰেক্ষাগৃহ নিৰ্মাণ কৰাৰ কথাও তেওঁ ভাষণ প্ৰসংগত উল্লেখ কৰে ।

লগতে পঢ়ক:  Swimmer Elvis Ali Hazarika: ৪ স্থানত সাঁতুৰি অভিলেখ সৃষ্টিৰ লক্ষ্য় জলকোঁৱৰ এলভিছৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.