ETV Bharat / state

Swimmer Elvis Ali Hazarika: ৪ স্থানত সাঁতুৰি অভিলেখ সৃষ্টিৰ লক্ষ্য় জলকোঁৱৰ এলভিছৰ

author img

By ETV Bharat Assamese Team

Published : Sep 2, 2023, 4:34 PM IST

এলভিছ আলি হাজৰিকাই আকৌ চলাব অভিযান । দক্ষিণ আফ্ৰিকাৰ ৰবেন আইচলেণ্ডৰ পৰা ব্লুবাৰ্গলৈও চলাব অভিযান । সংবাদমেলত এই বিষয়ে সদৰী কৰিছে আন্তঃৰাষ্ট্ৰীয় সন্তৰণবিদগৰাকীয়ে ।

Swimmer Elvis Ali Hazarika
সন্তৰণবিদ এলভিছ আলি হাজৰিকা

সন্তৰণবিদ এলভিছ আলি হাজৰিকা

গুৱাহাটী, ২ ছেপ্টেম্বৰ : চেনেল সাঁতোৰৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় সন্তৰণ ক্ষেত্ৰখনত অভিযান অব্যাহত ৰখা এলভিছ আলি হাজৰিকাই আকৌ নতুন অভিযানত নামিছে । এইবাৰ এলভিছৰ লক্ষ্য হৈছে ৪ টা স্থানত সাঁতুৰি অভিলেখ সৃষ্টি কৰা । চলিত বৰ্ষৰ ডিচেম্বৰত এলিফেনটা কেভছৰ পৰা মুম্বাই গেটলৈ সাঁতোৰাৰ লক্ষ্য বান্ধি লৈছে এলভিছে। তেওঁ লগতে গুজৰাটৰ পৰা গোৱা আৰু গোৱাৰ পৰা মুম্বাইলৈ এহেজাৰ কিলমিটাৰ সাঁতোৰাৰ বাবে প্ৰস্তুতি চলাইছে । শনিবাৰে গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত এক সংবাদমেলত এই বিষয়ে সদৰী কৰিছে আন্তঃৰাষ্ট্ৰীয় সন্তৰণবিদগৰাকীয়ে ।

এলভিছ আলি হাজৰিকাই পুনৰ কয় যে ২০২৪ ৰ ১৩ মাৰ্চত দক্ষিণ আফ্ৰিকাৰ ৰবেন আইচলেণ্ডৰ পৰা ব্লুবাৰ্গলৈ আৰু ১৭ মাৰ্চত তেওঁ ৰবেন আইলেণ্ডৰ পৰা গ্ৰীণ পইন্ট কেপটাউনলৈ সাঁতোৰাৰ লক্ষ্য বান্ধি লৈছে । ইয়াৰ পিছতে আগষ্টত আমেৰিকাৰ মোলোকাই চেনেল সাঁতোৰাৰ পৰিকল্পনা গ্ৰহণ কৰা বুলিও কয় । মোলোকাই আইচলেণ্ডৰ পৰা ওৱাহু আইচলেণ্ডলৈ ৪২ কিলমিটাৰ সাঁতোৰাৰ বাবে লক্ষ্য লোৱাৰ কথা শনিবাৰে এই সংবাদমেলযোগে সদৰী কৰে আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন সাঁতোৰবিদ এলভিচ আলী হাজৰিকাই । তেওঁ ইতিমধ্যে ইয়াৰ প্ৰস্তুতি আৰম্ভ কৰিছে বুলি কয় । তেওঁ ব্ৰহ্মপুত্ৰৰ পানী হ্ৰাস পালে ইয়াত অনুশীলন চলাব বুলি কয় । বিশ্বৰ ৭ টা চেনেল সাঁতুৰি সম্পূৰ্ণ কৰিবলৈ তেওঁ আশা বুকুত বান্ধি লৈছে । ৭ টা চেনেল সম্পূৰ্ণ কৰিলে আশা পূৰণ হ'ব বুলি তেওঁ কয় ।

উল্লেখ্য তেওঁ চলিত বৰ্ষতে ইংলিছ চেনেল সাঁতুৰি অভিলেখ সৃষ্টি কৰিছিল । ইয়াৰ পূৰ্বে এলভিছে ২০১৯ চনত মেক্সিকোৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰলৈ কাটালানা চেনেল আৰু ২০২২ চনত নৰ্ডাৰ্ণ আয়াৰলেণ্ডৰ পৰা স্কটলেণ্ডলৈ নৰ্থ চেনেল সফলতাৰে সাঁতুৰি পাৰ হৈছিল । অসমৰ খেল জগতৰ উজ্জ্বল নক্ষত্ৰ জলকোঁৱৰ এলভিছ আলি হাজৰিকা । একেবাৰে কম বয়সৰ পৰা সাঁতুৰিবলৈ আৰম্ভ কৰি কেইবাখনো ৰাষ্ট্ৰীয় সাঁতোৰ প্ৰতিযোগিতাত অভিলেখ ১৩৪ টা স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হৈছিল । ২৪ টাকৈ ৰাষ্ট্ৰীয় অভিলেখৰো অধিকাৰী এলভিছ আলি হাজৰিকা ।

লগতে পঢ়ক:NDA meets in Tinsukia : তিনিচুকীয়াত লোকসভা নিৰ্বাচনৰ ৰণকৌশল বৈঠক এনডিএৰ ! উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.