AASA Protest in Dibrugarh : ডিব্ৰুগড়ত আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতিবাদ

By

Published : Aug 9, 2023, 4:47 PM IST

thumbnail

ডিব্ৰুগড়, 9 আগষ্ট : ডিব্ৰুগড়ত আদিবাসী ৰাইজৰ প্ৰাপ্য অধিকাৰ আৰু সুৰক্ষা বিচাৰি আদিবাসী ছাত্র সন্থাৰ প্ৰতিবাদ ৷ অসমৰ আদিবাসী সকলক জনজাতিকৰণৰ দাবীত ডিব্ৰুগড়ৰ ব্যস্ত পথ খনিকৰ চাৰিআলিত প্ৰতিবাদ সাব্যস্ত কৰে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই ৷ হাতে হাতে ধনু-কাঁড় লৈ, মাদল বজাই বিভিন্ন শ্ল’গানেৰে, মানৱ শৃংখল কাৰ্যসূচীৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে ৷  

চাহ শ্ৰমিকক ভূমি আৱন্টন দিয়া, মাটিৰ পট্টা প্ৰদান কৰা, চাহ জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যদা প্ৰদান কৰা আদি বিভিন্ন দাবীত বুধবাৰে বিশ্ব আদিবাসী দিৱসৰ দিনাই প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে ৷ ইয়াৰ উপৰিও বাগিচা আৰু কলঘৰত চাহ শ্ৰমিকৰ নিৰাপত্তা সুনিশ্চিত কৰা আৰু ২০২৪ ৰ লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত জনগোষ্ঠীটোৰ সমস্যা সমূহ সমাধান নকৰিলে ভোট বৰ্জন কৰাৰো হুংকাৰ প্ৰদান কৰে সংগঠনৰ বিষয়ববীয়া সকলে ৷ 

লগতে পঢ়ক : Police Encounter: এসপ্তাহত গুৱাহাটীত চতুৰ্থটো এনকাউন্টাৰ; আকৌ চোৰৰ ভৰিত আৰক্ষীৰ গুলী

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.