Raijor Dal rally: শদিয়াৰ পৰা ধুবুৰীলৈকে ৰাইজৰ কাষলৈ যাব ৰাইজৰ দল

By ETV Bharat Assamese Team

Published : Nov 7, 2023, 6:40 PM IST

thumbnail

তিনিচুকীয়া, ৭ নৱেম্বৰ: কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ঔৰসত জন্মগ্ৰহণ কৰা ৰাজ্যৰ নৱগঠিত ৰাজনৈতিক দল ‘ৰাইজৰ দলে’ ইতিমধ্যে ৰাজ্যবাসীৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে ৷ আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ১৫ নৱেম্বৰৰ পৰা ‘‘ৰাইজৰ দল ৰাইজৰ কাষত’’ শীৰ্ষক এক কাৰ্যসূচী হাতত লোৱাৰ কথা উল্লেখ কৰে দলটোৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে ৷

অহা ১৫ নৱেম্বৰত শদিয়াৰ পৰা আৰম্ভ কৰিব লগীয়া উক্ত কাৰ্যসূচীৰ জৰিয়তে দলটোৰ নেতা-সদস্যই ৰাইজৰ মাজলৈ গৈ ৰাইজৰ সমস্যাসমূহৰ বুজ ল’ব ৷ লগতে বৰ্তমানৰ বিজেপি চৰকাৰে জনতাক কৰা শোষণৰ বিৰুদ্ধে ৰাইজক সজাগ কৰিব বুলি উল্লেখ কৰে সভাপতি অখিল গগৈয়ে ৷ এই কাৰ্যসূচী শদিয়াৰ পৰা ধুবুৰীলৈকে চলিব ৷

ইফালে, শাসকীয় দলটোৱে বিৰোধী ঐক্যমঞ্চই অহা লোকসভা নিৰ্বাচনত মাত্ৰ ৩ খন আসন লাভ কৰিব বুলি কৰা মন্তব্যৰ প্ৰত্যুত্তৰত অখিল গগৈয়ে কয় যে বিৰোধী ঐক্যমঞ্চই ১১ খন আসন লৈ বিজেপিক কেৱল মাত্ৰ ৩ খন আসন দিয়াৰ চিন্তা কৰি আছে ৷

লগতে পঢ়ক: Opposition Unity: অসমত বিৰোধী ঐক্য মঞ্চৰ ঐক্যত আউল লগাৰ সম্ভাৱনা 

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.