Akhil Gogoi after NIA court: ফাঁচীকাঠত ওলমিলেও চৰকাৰৰ ওচৰত আপোচ নকৰে অখিল গগৈয়ে

By

Published : Feb 23, 2023, 9:28 PM IST

thumbnail

গুৱাহাটী, ২৩ ফেব্ৰুৱাৰী: ‘কা’ আন্দোলনৰ (Assam CAA protest) সময়ত ৰুজু হোৱা গোচৰৰ সন্দৰ্ভত বৃহস্পতিবাৰে পুৱা NIA আদালতত হাজিৰ হয় ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈ ৷ শিৱসাগৰৰ বিধায়ক অখিল গগৈ সহিতে NIA আদালতত হাজিৰ হয় তিনি সতীৰ্থ বিতু সোণোৱাল, মানস কোঁৱৰ, ধৈৰ্য কোঁৱৰ (Akhil Gogoi Appears Before NIA Court) ৷ NIA আদালতত হাজিৰ হোৱাৰ পূৰ্বে তেওঁৰ সমৰ্থনত চানমাৰিত ভিৰ কৰেহি কৃষক মুক্তি আৰু ৰাইজৰ দলৰ শতাধিক কাৰ্যকৰ্তাই ৷ 

NIA আদালত হাজিৰ হোৱাৰ পাছত শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে (Sivasagar MLA Akhil Gogoi) তেওঁৰ এই দুৰ্যোগৰ সময়ত এনেদৰে সকলো সমৰ্থন জনাবলৈ ওলাই অহাত কৃতজ্ঞতা জনায় ৷ তেওঁ বৰ্তমান দেশত গণতন্ত্ৰ নাই বুলি উল্লেখ কৰি শাসকীয় দলে সংবিধানখন ফালি ছিৰি শেষ কৰাৰ বাবে চেষ্টা কৰাৰ অভিযোগ কৰে ৷ যাৰবাবে তেওঁ দৰে লোক ৰাষ্ট্ৰৰ ওচৰত তথা চৰকাৰৰ ওচৰত এনেকৈ অপৰাধীৰূপে পৰিণত হোৱাৰ বুলি কয় গগৈয়ে ৷

তেওঁ লগতে কয় যে, আজি আদালতত সিদ্ধান্ত নহ'ল । কাৰণ দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে তেওঁক শুকুৰবাৰলৈ গ্ৰেপ্তাৰ কৰিব নোৱাৰিব বুলি নিৰ্দেশনা দিছিল ৷ শুকুৰবাৰে তেওঁৰ জামিনৰ আবেদনৰ শুনানি ল’ব উচ্চতম ন্যায়ালয়ে আৰু তাৰ পাচত তেওঁ জামিন লাভ কৰিব নে নকৰে সেয়া স্পষ্ট হ’ব ৷ যদি দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে কাইলৈ তেওঁক জামিন মঞ্জুৰ নকৰে তেন্তে ২৮ ফেব্ৰুৱাৰীত পুনৰ NIAৰ আদালতত তেওঁৰ জামিনৰ সন্দৰ্ভত শুনানী হ'ব (NIA case against Akhil Gogoi) ৷

তেওঁ বিজেপি চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰি কয় যে, "দৰকাৰ হ‘লে আকৌ জেলত যাম, দৰকাৰ হ‘লে আজীৱন জেলত থাকিম, দৰকাৰ হ‘লে ফাঁচীকাঠতো ওলমিম কিন্তু চৰকাৰৰ ওচৰত মই কেতিয়াও আপোচ নকৰো । মই আপোনালোকৰ ওচৰত থাকিব বিচাৰো, ৰাইজৰ পক্ষত কাম কৰিব বিচাৰো ৷ কিন্তু আপোনালোকৰৰ বাবে কাম কৰিবলৈ গ’লে মোক দবাবলৈ চেষ্টা কৰে । মই মৰি যাম কিন্তু বিজেপিৰ ওচৰত কেতিয়াও আত্মসমৰ্পণ নকৰো । 20 বছৰৰ পাচত জেলৰ পৰা ওলালেও মোক একেদৰেই দেখিবলৈ পাব মোৰ সামান্যতমো পৰিবৰ্তন আপোনালোকে দিখিবলৈ নাপাব ৷’’     

লগতে পঢ়ক : Akhil Gogoi appears before NIA court: কা বিৰোধী আন্দোলনৰ গোচৰত NIA আদালতত হাজিৰ অখিল গগৈ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.