Bihu Dance Controversy: জি-20 সন্মিলনত বিহু নৃত্য অপমানক লৈ সৰৱ AJYP

By ETV Bharat Assamese Team

Published : Sep 10, 2023, 7:39 PM IST

Updated : Sep 10, 2023, 10:38 PM IST

thumbnail

ধেমাজি, 10 ছেপ্টেম্বৰ: জি-20 সন্মিলনত বিহুক অপমান কৰাক লৈ সৰৱ অসম জাতীয়তাবাদী যুৱ পৰিষদৰ ৷ অসমীয়া বিহু নৃত্যক কোটি টকা ব্যয়েৰে বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰা সময়তে অসমীয়া বিহু নৃত্যক নতুন দিল্লীত অনুষ্ঠিত হোৱা জি-20 সন্মিলনত বিকৃত ৰূপত উপস্থাপনক লৈ জাঙুৰ খাই উঠিছে অসমৰ দল-সংগঠন ৷  দৃষ্টিকটু বিহু নৃত্য পৰিৱেশন কৰি বিটেইনৰ প্ৰধানমন্ত্ৰীক আদৰণি জনোৱা কাৰ্যত স্তম্ভিত হৈ পৰিছে ৰাজ্যবাসী ৷ ধেমাজিতো ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ৷  

সেয়ে বিহু প্ৰেমী প্ৰতিজন অসমীয়াক উপহাস কৰা আঁৰত জড়িত থকাসকলক চিনাক্ত কৰি উচিত শাস্তি দিবলৈ দাবী জনাইছে অসম জাতীয়তাবাদী যুৱ পৰিষদ ধেমাজি জিলা সমিতিৰ সভাপতি সঞ্জীৱ চেতিয়াই ৷ ইফালে জি-20 সন্মিলনৰ পাচেত সমগ্ৰ বিষয়টো আলোচনা কৰা হ’ব বুলি ইতিমধ্যে মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷

লগতে পঢ়ক;Road Accident in Dhemaji: ধেমাজিত তিনি বাহনৰ মুখামুখি সংঘৰ্ষ

Last Updated : Sep 10, 2023, 10:38 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.