AIIMS Guwahati : আজি মুকলি হ’ব গুৱাহাটী এইমছ

By

Published : Apr 14, 2023, 6:56 AM IST

thumbnail

বাইহাটা, 14 এপ্ৰিল : আজি মুকলি কৰা হ’ব ৰাজ্যবাসীৰ বহু আকাংক্ষিত গুৱাহাটী এইমছ ৷ আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মুকলি কৰিব সৰ্বভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠানখন । ইতিমধ্যে প্ৰায় 80% কাম সম্পূৰ্ণ হৈছে চিকিৎসা প্ৰতিষ্ঠানখনৰ ।  ইতিমধ্যেই সম্পূৰ্ণ কৰি তোলা হৈছে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীক আদৰাৰ প্ৰস্তুতি (Guwahati AIIMS ready to service) । 

উল্লেখ্য যে, চাংসাৰিত অৱস্থিত এইমছখনত আছে ৭৫০ খন বিচনা । ইয়াত এডভাঞ্চ ট্ৰ’মা চিকিৎসাৰো সুবিধা থাকিব বুলি জানিবলৈ পৰা গৈছে । তেজৰ লগত সম্পৰ্ক থকা সকলো ধৰণৰ ৰোগৰ চিকিৎসাৰ সুবিধাও থাকিব বুলি জানিবলৈ দিয়ে এইমছৰ কাযৰ্বাহী সঞ্চালক অশোক পুৰানিকে । তদুপৰি, ৰেডিঅ’লজি , কাৰ্ডিঅ’লজি , স্নায়ু ৰোগকে ধৰি সকলো ধৰণৰ ৰোগৰ চিকিৎসাৰ সুবিধা এইমছত লাভ কৰিব বুলি উল্লেখ কৰে এইমছৰ কাযৰ্বাহী সঞ্চালকগৰাকীয়ে (Services available in Guwahati AIIMS) ।

আনহাতে,  প্ৰধানমন্ত্ৰীৰ আগমনক লৈ এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে চাংসাৰি এইমছস্থলীত । ভিন্নৰঙী আলোক সজ্জাৰে আলোকিত হৈ পৰিছে এইমছৰ চৌহদ । সাজু কৰি তোলা হৈছে বৃহৎ পেণ্ডেল । এইমছ উদ্বোধনী অনুষ্ঠানত তথা প্ৰধানমন্ত্ৰীৰ অনুষ্ঠানত যাতে কোনো ধৰণৰ ক্ৰুটি ৰৈ নাযায় তাৰ বাবে পৰিৱেশৰ তদাৰক কৰে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনচুফ কন্দাভিয়াই । এই পৰিদৰ্শন কালত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে উপস্থিত থাকে ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত (Central health minister visited AIIMS)।

লগতে পঢ়ক : Hema Malini tweet: বিহুক বিহাৰৰ সজোৱা সাংসদ হেমা মালিনীৰ টুইটে লগাইছে তোলপাৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.